হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন ‘মোহন’ খ্যাত অভিনেতা দ্বীপজ্যোতি কেওট, সফলতাৰে সম্পন্ন অস্ত্ৰোপচাৰ

হৃদৰোগত আক্ৰান্ত হৈ বৰ্তমানো হাস্পতালতে আছে জনপ্ৰিয় অভিনেতা দ্বীপজ্যোতি কেওট ওৰফে ‘মোহন’। হেল্থচিটী হাস্পতালত চিকিৎসাধীন হৈ আছে দ্বীপজ্যোতি কেওট। অস্ত্ৰোপচাৰৰ পিছত বৰ্তমানো ICUতে আছে অভিনেতাজন।

আগন্তুক ৪৮ ঘণ্টা অভিনেতাজনক চিকিৎসকৰ নীৰিক্ষণত ৰখা হ’ব বুলি জনাইছে হাস্পতালক কৰ্তৃপক্ষই।

উল্লেখ্য যে, পহিলা জানুৱাৰীত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ‘মোহন’ক। তাৰ পিছতে চিকিৎসকে অস্ত্ৰোপচাৰৰ পৰামৰ্শ দিছিল। সেইদিনাই হৃদৰোগ বিশেষজ্ঞ মায়াংক আগৰৱালাৰ তত্বাৱধানত দ্বীপজ্যোতিৰ অস্ত্ৰোপচাৰ সম্পন্ন হয়।

অস্ত্ৰোপচাৰৰ পিছত ৪৮ ঘণ্টা চিকিৎসকৰ নিৰীক্ষণত ৰখা হয় দ্বীপজ্যোতি কেওটক।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *