হিৰো মট’কৰ্পে নিজৰ শ্ৰেণীৰ আটাইতকৈ শক্তিশালী মটৰ চাইকেল বহু প্ৰত্যাশিত কৰিজমা এক্সএমআৰ মুকলি কৰিছে। এই মটৰ চাইকেলখনত এক অতুলনীয় মটৰ চাইকেল অভিজ্ঞতা প্ৰদানৰ বাবে এক এডজাষ্টেবল উইণ্ডশ্বিল্ড, ইণ্টেলিজেণ্ট ইলুমিনেচন হেডলেম্প আৰু টাৰ্ন-বাই-টাৰ্ন নেভিগেশ্বন প্ৰদান কৰিছে। জয়পুৰৰ হিৰোজ হিৰো চেণ্টাৰ ফৰ ইনোভেচন এণ্ড টেকন’লজী আৰু মিউনিখৰ হিৰো টেক চেণ্টাৰ জাৰ্মানীৰ এক অনন্য সহযোগিতাৰ ফলাফল এই মটৰ চাইকেলখন।
কৰিজমা এক্সএমআৰ হৈছে ২১০ চিচি মটৰ চাইকেল আৰু ইয়াৰ ২১০ চিচি ডিঅ’এইচচি ৪ ভালভ ইঞ্জিন আছে, যিয়ে ২৫.৫পিএছ আৰু সৰ্বাধিক টৰ্ক প্ৰদান কৰে। ইয়াত ৬-স্পীড গিয়েৰবক্স আৰু শ্লিপ-এণ্ড-এচিষ্ট ক্লাচ চিষ্টেম, লাইটৱেট এলুমিনিয়াম এলয় ক্লিপ-অন হেণ্ডেলবাৰ আৰু ৰবৰ কম্পাউণ্ড টায়াৰৰ সৈতে ১৭ ইঞ্চিৰ চকা আছে। মটৰ চাইকেলখনত অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা আছে, য’ত আছে সমন্বিত এলইডি ডিআৰএল আৰু অটো-ইলুমিনেচন সুবিধাৰ সৈতে ক্লাছ-ডি এলইডি প্ৰজেক্টৰ হেডলেম্প। ইয়াত স্মাৰ্টফোন সংযোগ আৰু নেভিগেচনকে ধৰি ৩৯টা কাৰ্যক্ষমতা উপলব্ধ। বৰ্তমান তিনিটা ৰঙত উপলব্ধ: আইকনিক য়েল্ল’, টাৰ্বো ৰেড আৰু মেট ফেণ্টম ব্লেক। ১,৭২,৯০০/- টকাৰ পৰা আৰম্ভণি মূল্যত হিৰো মট’কৰ্পৰ ডিলাৰশ্বিপত উপলব্ধ; ৩,০০০/- টকাৰ বুকিং পৰিমাণেৰে অনলাইন বা ফোনযোগে বুকিং কৰিব পাৰিব।
এই বিষয়ে হিৰো মট’কৰ্পৰ মুখ্য কাৰ্যবাহী বিষয়া নিৰঞ্জন গুপ্তাই কয় যে, “কৰিজমা এক্সএমআৰ মুকলিয়ে আমাৰ ‘প্ৰিমিয়ামত জয়ী’ হোৱাৰ যাত্ৰাৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰিছে। আমি আমাৰ কৌশলৰ সৈতে সংগতি ৰাখি এই খণ্ডত দ্ৰুতগতিত সম্পূৰ্ণ পৰ্টফলিঅ’ গঢ়ি তুলিছোঁ।”