হিৰো মট’কৰ্পে আগবঢ়াইছে নতুন শক্তিশালী এক্সট্ৰিম ২০০এছ ৪ ভাল্ভ

প্ৰিমিয়াম ছেগমেণ্টৰ ওপৰত তীক্ষ্ণ গুৰুত্ব বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি বিশ্বৰ সৰ্ববৃহৎ মটৰ চাইকেল আৰু স্কুটাৰ নিৰ্মাতা হিৰো মট’কৰ্পে আন এক শক্তিশালী সংযোজনেৰে নিজৰ প্ৰিমিয়াম পৰ্টফলিঅ’ বৃদ্ধি কৰিলে। হিৰো এক্সট্ৰিম ১৬০আৰ ৪ভি মুকলি কৰাৰ পিছত কোম্পানীটোৱে আজি মুকলি কৰিলে নতুন এক্সট্ৰিম ২০০এছ ৪ ভালভ। এক্সট্ৰিম 2২০০এছ ৪ভিয়ে ব্ৰেণ্ডটোৰ সফলতা আৰু অধিক বৃদ্ধি কৰিছে। ইয়াৰ লক্ষ্য হৈছে ইয়াৰ পুনৰ নিৰ্ধাৰিত এক্স-ৰেঞ্জৰ প্ৰিমিয়াম মটৰ চাইকেলৰ জৰিয়তে বিশ্বজুৰি যুৱক-যুৱতীসকলৰ বাবে নিজৰ আকৰ্ষণ সম্প্ৰসাৰণ কৰা।

এই হিৰো এক্সট্ৰিম ২০০এছ ৪ভিয়ে শক্তিশালী ৰাইডিং ডাইনেমিক্স, স্পৰ্টি চৰিত্ৰ আৰু সুৰক্ষা প্ৰদান কৰে। ইয়াৰ থ্ৰিলিং ডিজাইন, এলইডি হেডলাইট, ডুৱেল-টোন গ্ৰাফিক্স আৰু স্প্লিট হেণ্ডেল বাৰে এথলেটিক বৈশিষ্ট্য প্ৰদৰ্শন কৰে। ২০০চি৪ ভাল্ভ অইল-কুলড ইঞ্জিনে ৬% অধিক শক্তি আৰু ৫% যোগ কৰা টৰ্ক প্ৰদান কৰে, যাৰ ফলত আপোচবিহীন স্পৰ্টী প্ৰদৰ্শন নিশ্চিত হয়। এই সন্দৰ্ভত হিৰো মট’কৰ্পৰ ইণ্ডিয়া বি ইউৰ চীফ বিজনেছ অফিচাৰ ৰঞ্জিৱজিৎ সিঙে কয় যে, “আমি নিশ্চিত হৈ আছোঁ যে আমাৰ শেহতীয়া অফাৰ- এক্সট্ৰিম ২০০এছ ৪ভিয়ে আমাৰ গ্ৰাহকসকলৰ সৈতে এক শক্তিশালী সংযোগ স্থাপন কৰি এই শিতানৰ সফলতা অধিক বৃদ্ধি কৰিব।”

হিৰো এক্সট্ৰিম ২০০এছ ৪ভিত টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচনৰ সৈতে কল আৰু এছএমএছ এলাৰ্টৰ বাবে ব্লুটুথ আৰু ৰিয়েৰ হাগাৰৰ সৈতে স্মাৰ্টফোন সংযোগ প্ৰদান কৰা হৈছে। ভাৰতৰ হিৰো মট’কৰ্পৰ ডিলাৰশ্বিপত হিৰো এক্সট্ৰিম ২০০এছ ৪ভি ১,৪১,২৫০/- টকাত উপলব্ধ।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *