হিমাচলৰ মুষলধাৰ বৰষুণত সন্ধানহীন অসমৰ দম্পতীসহ ৩ জন

ধাৰাসাৰ বৰষুণে প্লাবিত কৰা হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ সোণাৰিৰ এহাল দম্পতী আৰু এজন যুৱক।

জানিব পৰা মতে, সোণাৰিৰ পাৰ্বতীপুৰ অঞ্চলৰ বাসিন্দা দেবাশীষ ৰাজখোৱা আৰু শিখা ফুকন নামৰ দম্পতীহাল সন্ধানহীন হৈ থকাৰ লগতে আনজন যুৱকক শান্তনু গগৈ বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ পিছত দম্পতীহালৰ পৰিয়ালৰ লোকে তেওঁলোকৰ অৱস্থা বিচাৰি হিমাচল প্ৰদেশ আৰক্ষীৰ ওচৰ চাপে। পিছত আৰক্ষীয়ে দম্পতীহাল সুৰক্ষিত বুলি আশ্বাস দিয়ে যদিও আৰক্ষীয়ে দম্পতীহালৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম নোহোৱাত পৰিয়ালৰ লোকসকল এতিয়াও চিন্তিত হৈ আছে।

উল্লেখ কৰিব পাৰি যে ভাৰতৰ উত্তৰ অংশ অবিৰত ধাৰাসাৰ বৰষুণৰ বাবে ক্ষন্তেকীয়া বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে আৰু আন ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে।

সোমবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশৰ কেইবাখনো জিলাৰ বাবে অহা ২৪ ঘণ্টাৰ বাবে “ৰেড” আৰু “অৰেঞ্জ” এলাৰ্ট জাৰি কৰে।

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কয় যে ৰাজ্যত বিগত ৫০ বছৰত ইমান ধাৰাসাৰ বৰষুণ দেখা পোৱা নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *