শুকুৰবাৰে গুৱাহাটীৰ এজন অৱসৰপ্ৰাপ্ত অভিযন্তাৰ বাসগৃহত অভিযান চলাই চি এম ভিজিলেন্সৰ এটা দলে।
অৱসৰপ্ৰাপ্ত অভিযন্তাগৰাকীৰ নাম ছমীদ আলী বুলি জানিব পৰা গৈছে। পি ডব্লিউ ডি বিভাগৰ কাৰ্যবাহী অভিযন্তা আছিল আলী।
কৰিমগঞ্জত দীৰ্ঘদিনীয়া সেৱাৰ অন্তত ২০২২ চনত অৱসৰ গ্ৰহণ কৰিছিল আলীয়ে। সূত্ৰ অনুসৰি ছমদৰ বিৰুদ্ধে অবৈধভাৱে কেইবাটাও সম্পত্তিৰ মালিক হোৱাৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰী ভিজিলেন্সৰ দলে এজন বিধায়কৰ অভিযোগৰ ভিত্তিত অৱসৰপ্ৰাপ্ত অভিযন্তা ছমীদ আলীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল, তাৰ পিছত ছমীদৰ বিৰুদ্ধে ৯/২০২৩ৰ গোচৰৰ ভিত্তিত অভিযান চলায়।
গুৱাহাটীৰ লালমাটি অঞ্চলত ছমীদৰ বাসগৃহত অভিযান চলাই দলটোৱে কেইবাখনো বেংকৰ পাছবুক জব্দ কৰাৰ লগতে কেইবাটাও ভূমিৰ নথি-পত্ৰ উদ্ধাৰ কৰে।
লাভ কৰা তথ্য অনুসৰি ছমীদৰ চহৰখনৰ বহু সম্পত্তিৰ মালিক, আৰু ভিজিলেন্স দলটোৱে সৰুমটীয়াত তেওঁৰ নতুনকৈ নিৰ্মাণ কৰা বাসগৃহতো অভিযান চলাব।