হায়দৰাবাদত জি-২০ কৃষি মন্ত্ৰীসভাৰ বৈঠকৰ আয়োজন

১৫-১৭ জুনলৈ হায়দৰাবাদত অনুষ্ঠিত হৈছে মন্ত্ৰীসভাৰ কৃষি কৰ্মী গোট(এডব্লিউজি)ৰ বৈঠক। হায়দৰাবাদৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ(এইচআইচিচি)ত অনুষ্ঠিত কৃষিভিত্তিক প্ৰদৰ্শনীখন উদ্বোধন কৰে কৃষি আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধৰীয়ে। তিনিদিনীয়া এই বৈঠকত জি-২০ সদস্য ৰাষ্ট্ৰ, আমন্ত্ৰিত দেশ তথা ১০টা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ ২০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

বৈঠকৰ প্ৰথম দিনটোত খাদ্য সুৰক্ষা, বাজৰা, জলবায়ু-অনুকুল কৃষি, ডিজিটেল ৰূপান্তৰ আৰু ফলাফলৰ দস্তাবেজ প্ৰস্তুত কৰাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।  কৃষি আৰু কৃষক কল্যাণ বিভাগৰ সচিব মনোজ আহুজা আৰু কৃষি প্ৰতিনিধিসকলে লাভজনক কৃষি ব্যৱসায়ৰ ভূমি আৰু ব্যৱস্থাপনা আৰু কৃষিত ডিজিটেল প্ৰযুক্তিৰে শক্তিৰ ব্যৱহাৰৰ দৰে বিষয়সমূহৰ ওপৰত আলোচনা কৰে। আনহাতে, কৃষি আৰু আনুষংগিক খণ্ডত ভাৰতৰ সাফল্য লাভ কৰা কৃষিভিত্তিক প্রদর্শনীৰ উদ্বোধনী অনুষ্ঠানত কৃষি আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্রী কৈলাশ চৌধুৰীয়ে কয় যে “বৈঠকৰ প্ৰথম দিনা সমগ্ৰ দিনটো জি-২০ প্রতিনিধিসকলৰ সৈতে অন্তর্দৃষ্টিসম্পন্ন আলোচনা অনুষ্ঠিত হৈছিল৷“

দ্বিতীয় দিনা জি-২০ বৈঠকত বৈঠকত উপস্থিত থকা মন্ত্ৰী আৰু প্ৰতিনিধি দলৰ মুৰব্বীক আদৰণি জনাব কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে, য’ত বহনক্ষম কৃষি, মহিলা নেতৃত্বাধীন খেতি, বহনক্ষম জৈৱবৈচিত্ৰ্য আৰু জলবায়ু সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *