হাতী সংৰক্ষণ নেটৱৰ্কৰ সদস্যক আৰণ্যকৰ প্ৰশিক্ষণ

মানৱ আৰু হাতীৰ সংঘাত প্ৰশমনত গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰা আৰু মানৱ‌ – হাতী সংঘাতপূৰ্ণ বিভিন্ন অঞ্চলত সক্ৰিয় হাতী সংৰক্ষণ নেটৱৰ্কৰ সদস্য সকলক প্ৰশিক্ষণ দিয়াৰ বাবে গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে এক প্ৰচেষ্টা আৰম্ভ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে সোমবাৰে (২৪ জুলাই) অসমৰ গোৱালপাৰা জিলাৰ আমটোলা এল পি স্কুলত হাতী সংৰক্ষণ নেটৱৰ্কৰ (ই চি এন) সদস্যৰ প্ৰথমটো গোটৰ বাবে প্ৰশিক্ষণৰ আয়োজন কৰা হয়। এই বিশেষ ই চি এনটো আৰণ্যকে যোৱা বছৰৰ (২০২২) ২৬ মাৰ্চত গঠন কৰিছিল।

আৰণ্যকৰ সমল ব্যক্তি অঞ্জন বৰুৱা আৰু নিপুল চাকমাই পৰিচালনা কৰা এই দিনজোৰা প্ৰশিক্ষণত হাতী সংৰক্ষণ নেটৱৰ্কৰ ২৩জন সদস্যই অংশগ্ৰহণ কৰে।

অঞ্জন বৰুৱাই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক এছিয়াৰ হাতী, হাতীৰ পৰিৱেশতন্ত্ৰ, হাতীৰ আচৰণ আৰু গতিবিধিৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়ায় । তেওঁ আঞ্চলিকৰ লগতে স্থানীয় দৃষ্টিভংগীৰে মানুহ-হাতী সংঘাতৰ কাৰণ, আৰণ্যকে গ্ৰহণ কৰা সংঘাত ব্যৱস্থাপনা কৌশল, সংঘাত প্ৰশমনৰ বিভিন্ন ব্যৱস্থা আৰু হাতীৰ সৈতে সহাৱস্থানৰ উপায় আদিৰ ওপৰতো আলোকপাত কৰে।

তেওঁ মানুহে সহাৱস্থানৰ বাবে জানিবলগা হাতীৰ এটা জাকৰ চৌপাশৰ বিভিন্ন মণ্ডল যেনে সুৰক্ষিত মণ্ডল, সষ্টম মণ্ডল আৰু জটিল মণ্ডলৰ বিষয়ে ব্যাখ্যা কৰে ।

আনজন সমল ব্যক্তি নিপুল চাকমাই মানৱ-হাতীৰ সংঘাতৰ ফলত হোৱা প্ৰাণ হানি, শস্য আৰু সা-সম্পত্তিৰ ক্ষতি আৰু এনে ক্ষতিৰ বিপৰীতে প্ৰচলিত নীতি অনুসৰি চৰকাৰৰ পৰা ক্ষতিপূৰণ দাবী কৰাৰ পদ্ধতিৰ বিষয়ে কয়।

প্ৰশিক্ষণৰ সময়ত কৰা স্থানীয় লোকসকলৰ মাপকাঠী নিৰ্দ্ধাৰণ (বেঞ্চমাৰ্কিং) আৰু মূল্যায়নৰ জৰিয়তে হাতী সংৰক্ষণ নেটৱৰ্কৰ সদস্যসকলৰ হাতী সম্পৰ্কে জ্ঞানৰ উমান লোৱা হৈছিল । বেঞ্চমাৰ্কিং প্ৰক্ৰিয়াই অংশগ্ৰহণকাৰী সদস্যসকলক এছিয়াৰ হাতী আৰু ইহঁতৰ আচৰণৰ বিষয়ে পৰ্যাপ্ত জ্ঞান লাভ কৰাত সহায় কৰিছিল যাতে তেওঁলোকে স্থানীয় লোকাসকলক বনৰীয়া হাতীৰ সৈতে সহাৱস্থানত সহায় কৰিব পাৰে।

প্ৰশিক্ষণৰ পিছত উপস্থিত ৰাইজৰ মতামত সংগ্ৰহৰ বাবে এখন অধিবেশন অনুষ্ঠিত হয়। ইউ এছ ফিছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছৰ সমৰ্থনত আয়োজিত প্ৰশিক্ষণত অংশগ্ৰহণ কৰা হাতী সংৰক্ষণ নেটৱৰ্কৰ সদস্যসকলক হাতী সংৰক্ষণ বাৰ্তা সম্বলিত টি-চাৰ্ট উপহাৰ দিয়া হয়।

উল্লেখ্য যে হাতী সংৰক্ষণ নেটৱৰ্কৰ সদস্যসকলে আৰণ্যকক শস্যৰ ক্ষতি, সা-সম্পত্তিৰ ক্ষতি, মানুহৰ মৃত্যু আৰু হাতীৰ মৃত্যু আদি মানৱ-হাতী সংঘাতজনিত বিভিন্ন ঘটনাৰ নিৰীক্ষণ আৰু লিপিবদ্ধ কৰাত সহায় কৰে। এই তথ্যসমূহ আৰাণ্যকৰ বাবে গতিশীল বৈজ্ঞানিক প্ৰশমন কৌশল নিৰ্দ্ধাৰণৰ কাৰণে গুৰুত্বপূৰ্ণ। হাতী সংৰক্ষণ নেটৱৰ্কে সহাৱস্থানত সহায় কৰাৰ বাবে বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়া সতৰ্কবাণী দিয়া ব্যৱস্থা হিচাপেও কাম কৰে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *