হাতীৰ আক্ৰমণত নিহত অস্থায়ী বনকর্মী ঘনকান্ত দাসৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী অসম বন কৰ্মচাৰী সন্থাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী – মানুহৰ সংঘাট অব্যাহত হৈ থকাৰ মাজতে আজি বন বিভাগৰ নগাঁও বন সংমণ্ডলৰ ৱেষ্টাৰ্ণ ৰেঞ্জৰ ঘনকান্ত দাস ( ৫৩ ) নামৰ নিৰ্ধাৰিত হাৰত দৰমহা পোৱা অস্থায়ী বনকর্মী বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা ঘটনাত গভীৰ দুখ প্ৰকাশ কৰিছে অসম বন কৰ্মচাৰী সন্থাই । এটা বিবৃতিত সন্থাৰ সভাপতি হোমেন পেগু আৰু সাধাৰণ সম্পাদক ৰাহুল বৰাই কয় অইন দিনাৰ দৰে আজিও ঘনকান্ত দাসে ধৰমতুলস্থিত ৱেষ্টাৰ্ণ ৰেঞ্জৰ পৰা সহকৰ্মী সকলৰ সৈতে খোলাঘাট সংৰক্ষিত বনাঞ্চললৈ নিয়মীয়া তহলৰ বাবে গৈছিল । কিন্ত দুপৰীয়া প্ৰায় ১১.৩০.মান বজাত বনাঞ্চলৰ ভিতৰত ঘনকান্ত দাসক হঠাতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰাত তেওঁ গুৰুতৰ ভাবে আহত হয় । সতীৰ্থ সকলে তেওঁক নিকটবৰ্তী নেলী চিকিৎসালয়লৈ আনে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী , এজন পুত্ৰ আৰু এজনী জীয়ৰী এৰি থৈ যায় । ইফালে এনে মৰ্মান্তিক ঘটনাত সন্থাই গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছে । আনহাতে সন্থাই কৰ্তব্যৰত অৱস্থাত প্ৰাণ আহুতি দিয়া অস্থায়ী বনকর্মী ঘনকান্ত দাসৰ পৰিয়ালক আৰ্থিক ক্ষতিপূৰণ দিয়াৰ লগতে তেওঁৰ একমাত্ৰ পুত্ৰক শিক্ষাগত অৰ্হতাৰ ভিত্তিত বন বিভাগীয় নিযুক্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *