হাইৰ ইণ্ডিয়াই ২০২৪ চনৰ ভিতৰত ১০০ বিলিয়ন টাৰ্ণঅ’ভাৰৰ লক্ষ্য ৰাখিছে

হোম এপ্লাইয়েন্সৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ আৰু একেৰাহে ১৪ বছৰ ধৰি মেজৰ এপ্লাইয়েন্সৰ ক্ষেত্ৰত বিশ্বৰ ১ নম্বৰ ব্ৰেণ্ড হাইয়াৰ এপ্লাইয়েন্স ইণ্ডিয়াই (হাইয়াৰ ইণ্ডিয়া) আজি ঘোষণা কৰে যে ব্ৰেণ্ডটোৱে ২০২৪ চনৰ শেষলৈ হোম এপ্লাইয়েন্স আৰু কনজিউমাৰ ইলেক্ট্ৰনিকচৰ বাবে ৱান ষ্টপ চলিউচনত পৰিণত হবলৈ ১০,০০০ কোটি টকাৰ টাৰ্ণঅভাৰৰ লক্ষ্য লৈছে। এই কথা ২০২৩ আৰু ২০২৪ বৰ্ষত ক্ৰমান্বয়ে ৪০% আৰু ৩০% আশা কৰা ৰাজহবৃদ্ধিৰ সৈতে সামঞ্জস্যপূৰ্ণ।

হাইয়াৰ ইণ্ডিয়াৰ বজাৰৰ দৃষ্টিভংগীক উদ্যোগটোত সামগ্ৰী উদ্ভাৱন আৰু নিৰ্মাণ উৎপাদনৰ উৎকৰ্ষতাৰ প্ৰতি অহৰহ দায়বদ্ধতাৰ দ্বাৰা সমৰ্থিত। গ্ৰাহককেন্দ্ৰিকতাক মূল হিচাপে ৰাখি কোম্পানীটোৱে কেইবাটাও উদ্যোগৰ প্ৰথম যেনে ৩ ডোৰ চাইড-বাই-চাইড (SBS) ৰেফ্ৰিজেৰেটৰ, বটম মাউণ্টেড ৰেফ্ৰিজেৰেটৰ (BMR), গ্লাছ ডোৰ ৰেফ্ৰিজেৰেটৰ, ৱাছিং মেচিনত চেল্ফ-ক্লিন ইনভাৰ্টাৰ আৰু এণ্টি-স্কেলিং প্ৰযুক্তি, ৱাটাৰ হিটাৰত শ্বক-প্ৰুফ প্ৰযুক্তি, এয়াৰ কণ্ডিচনাৰত স্ব-পৰিষ্কাৰ কৰাৰ দৰে কেইবাটাও নতুন উদ্ভাৱন আগবঢ়াইছে। বিশ্বব্যাপী R&D দ্বাৰা বজাৰৰ প্ৰতিক্ৰিয়া আৰু প্ৰযুক্তি-চালিত সমাধানবোৰ অন্তৰ্ভুক্ত কৰিবলৈ এক শক্তিশালী গৱেষণা শাখা ব্যৱহাৰ কৰি, কোম্পানীটোৱে ভাৰতৰ কাষ্টমাৰ ডিউৰেবল উদ্যোগত হোম এপ্লাইয়েন্সৰ আটাইতকৈ বহল পৰ্টফলিঅ’ নিৰ্মাণ কৰিছে।

গ্ৰাহকৰ চাহিদাৰ সৈতে সংগতি ৰাখি, হাইয়াৰে নিৰন্তৰভাৱে ইয়াৰ উৎপাদন ক্ষমতা সম্প্ৰসাৰিত কৰি, আফ্টাৰ – চেলচ সেৱা নেটৱৰ্ক শক্তিশালী কৰি আৰু ইয়াৰ কাৰ্যকৰী উৎকৰ্ষতা গঢ়ি তুলি, ইয়াৰ ‘মেক ইন ইণ্ডিয়া’ আৰু ‘মেড ফৰ ইণ্ডিয়া’ ৰণনীতিৰ সৈতে সংগতি ৰাখি ভাৰতলৈ নিৰন্তৰ ভাৱে শ্ৰেষ্ঠ-শ্ৰেণীৰ সামগ্ৰী আগবঢ়াইছে। ৰেফ্ৰিজেৰেটৰ আৰু ৱাছিং মেচিনত শক্তিশালী উপস্থিতিৰ সৈতে, হাইয়াৰ ইণ্ডিয়াই ভাৰতৰ বজাৰৰ বাবে তেওঁলোকৰ পৰৱৰ্তী প্ৰধান উন্নয়নৰ চালক হিচাপে এয়াৰ কণ্ডিচনাৰ আৰু টেলিভিছনৰ বজাৰত আধিপত্য বিস্তাৰ কৰাৰ মনস্থ কৰিছে। প্ৰিমিয়ামিজেচন, সামগ্ৰী উদ্ভাৱন আৰু স্মাৰ্ট হোম এপ্লাইয়েন্সৰ সম্পূৰ্ণ পৰিসৰ প্ৰদানকৰাৰ ওপৰত গুৰুত্ব দি, হাইয়াৰ ইণ্ডিয়াই বহুতো স্মাৰ্ট সামগ্ৰী আগবঢ়ায়, যি গ্ৰাহকসকলৰ জীৱন কাৰ্যকৰী আৰু দক্ষ কৰি তুলিবলৈ ব্ৰেকথ্ৰু প্ৰযুক্তিৰ দ্বাৰা চালিত।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *