সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিদ্যা ভাৰতী, অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ শিশু শিক্ষা সমিতি অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু নিকেতন সমূহৰ ৫ গৰাকী শিক্ষাৰ্থীয়ে শীৰ্ষ দহটা স্থানৰ ভিতৰত স্থান লাভ কৰি এক চমকপ্ৰদ ফলাফল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । আজি গুৱাহাটী গনেশগুৰিস্হিত পি.ডব্লিউ. ডি কনভেশ্বন প্ৰেক্ষাগৃহত শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা এক অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। বন্তি প্ৰজ্বলন আৰু মংগলাচৰণ আৰম্ভ হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কৃতি ছাত্ৰ ছাত্ৰী আৰু প্ৰথমবাৰলৈ ১০০% উৰ্ত্তীণ হোৱা নিকেতনৰ প্ৰধান আচাৰ্যসকলক সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠানৰ আৰম্ভণিতেই অসমৰ ভিতৰতে নৱম স্থানত বিদিশা নাথ, শংকৰদেৱ শিশু নিকেতন, চৰাইবাহী; দশম স্থানত ক্রমে কৌক্তৱজ্যোতি নাথ, শংকৰদেৱ বিদ্যা নিকেতন, মৰিগাঁও; দিব্যজ্যোতি লহকৰ, শংকৰদেৱ শিশু নিকেতন আৰু দেবেন্দ্ৰ চন্দ্ৰপ্ৰভা বিদ্যা নিকেতন, নলবাৰী; ধৃতিস্মিতা ডেকা, শংকৰদেৱ শিশু নিকেতন আৰু দেবেন্দ্র চন্দ্রপ্রভা বিদ্যা নিকেতন, নলবাৰী আৰু অনুৰাগ বৰা, শংকৰদেৱ শিশু নিকেতন, বনগাঁও, মাজুলীৰ। পূৱা ১০ বজাৰ পৰা আয়োজিত অনুষ্ঠানত শিশু শিক্ষা সমিতি, অসমৰ তৰফৰ পৰা এই মেধাৱী ছাত্ৰ- ছাত্ৰীসকলক যুগল কিশোৰ আৰু ৰামদুলাৰী মালপানী সোঁৱৰণী মেধা বঁটা, ২০২২ প্ৰদান কৰা হয়। ইয়াৰ লগতে এশ শতাংশ উৰ্ত্তীণ হোৱা শিশু শিক্ষা সমিতিৰ অন্তৰ্গত নিকেতন সমুহৰ প্ৰধান আচাৰ্য – আচাৰ্যা সকলকো অভিনন্দন তথা সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজিত সভাত সভাপতিত্ব কৰে শি,শি,স,অসমৰ উপ সভাপতি ড: যোগেশ কাকতিয়ে। মুখ্য অতিথি ৰূপে উপস্থিত থাকে NEDFIৰ অধ্যক্ষ পি,ভি,এচ,এল,এন,মূৰ্তি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী প্ৰদীপনজী।সভাত বিদ্যা ভাৰতী অখিল ভাৰতীয় সম্পাদক ব্ৰক্ষ্মাজী ৰাও
, শিশু শিক্ষা সমিতি অসমৰ সাধাৰণ সম্পাদক কুলেন্দ্ৰ কুমাৰ ভাগৱতী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সংগঠনিক সম্পাদক ড০ পৱন তিৱাৰী, পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি সদা দত্ত,বিদ্যাভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সম্পাদক ড: জগদীন্দ্ৰ ৰায়চৌধুৰী,বিশিষ্ট সমাজকৰ্মী ৰাজেশ মালপানী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ লগতে আশীৰ্বাদ প্ৰদান কৰে।