হকীৰ ছেমি ফাইনেলত ভাৰত

ডিফেণ্ডিং চেম্পিয়ন ভাৰতে তেওঁলোকৰ অন্তিম পুল এ খেলত থাইলেণ্ডক ১৭-০ গ’লত পৰাস্ত কৰি পুৰুষৰ জুনিয়ৰ এছিয়া কাপ হকী টুৰ্ণামেণ্টৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতে তেওঁলোকৰ গ্ৰুপত চীনা টাইপেই, জাপান আৰু থাইলেণ্ডক পৰাস্ত কৰিছিল আৰু তেওঁলোকে পাকিস্তানৰ বিৰুদ্ধে ১-১ ত ড্ৰ কৰিছিল। ছেমি ফাইনেলত ভাৰতে কাৰ মুখামুখি হ’ব সেয়া পুল বি-ত মালয়েছিয়া আৰু ওমান আৰু পুল এ-ত পাকিস্তান আৰু জাপানৰ মাজৰ খেলখনৰ পৰা স্পষ্ট হ’ব। পাকিস্তানে পুল এত শীৰ্ষ স্থান দখল কৰিবলৈ তেওঁলোকৰ অন্তিম লীগ খেলখনত জাপানক ১৪ টাতকৈ ওপৰৰ গ’লৰ ব্যৱধানত পৰাস্ত কৰিব লাগিব।.থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে আৰম্ভণিৰে পৰা আধিপত্য বিস্তাৰ কৰিছিল। অঙ্গদ বীৰ সিঙে চাৰিটা গ’ল (১৩ তম, ৩৩ তম, ৪৭ তম আৰু ৫৫ মিনিট) কৰে। অঙ্গদৰ বাহিৰে, যোগবৰ ৰাৱট (১৭ তম), কেপ্টেইন উত্তম সিং (২৪ তম, ৩১তম), অমনদীপ লাক্ৰা (২৬ তম, ২৯ তম), অৰিজিত সিং হুণ্ডাল (৩৬ তম), বিষ্ণুকান্ত সিং (৩৮ তম), ববি সিং ধামী (৪৫ তম), শাৰদা নন্দ তিৱাৰী (৪৬ তম), অমনদীপ (৪৭ তম), ৰোহিত (৪৯ তম), সুনীত লাক্ৰা (৫৪ তম) আৰু ৰজিন্দৰ সিঙে (৫৪ তম) ভাৰতৰ হৈ গ’ল কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *