সৰুসজাইত ৭আগষ্টত জেভলিন দিৱস প্ৰতিযোগিতা

অসম এথলেটিকছ এছ’চিয়েচন আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া উদ্যোগত ৭আগষ্ট দেওবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথম বাৰ্ষিক ৰাষ্ট্ৰীয় জেভেলিন থ্ৰ’ প্ৰতিযোগিতা। ভাৰতৰ গৌৰৱ জেভেলিন থ্ৰৱাৰ নিৰজ ছোপ্ৰাই ২০২১ বৰ্ষৰ অলিম্পিকত সোণৰ পদক লাভ কৰা ৭ আগষ্টৰ দিনটোত ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্তত এই জেভেলিন দিৱস প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীতো লৰা-ছোৱালী উভয়ৰে ১৪বছৰ অনুৰ্ধ্ব,১৬বছৰ অনুৰ্ধ্ব,১৮বছৰ অনুৰ্ধ্ব,২০বছৰ অনুৰ্ধ্ব আৰু পুৰষ-মহিলা উভয়ৰে মাজত  এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। প্ৰতিযোগিতাত অংশগ্ৰহনকাৰী প্ৰতিযোগীসকলে ৭আগষ্টৰ পুৱা ৭ বজাত সৰুসজাই ষ্টেডিয়ামত খেলৰ বাবে উপস্থিত হোৱাৰ লগতে বয়সৰ প্ৰমানপত্ৰ লগত আনিবলৈ উদ্যোক্তাই অনুৰোধ জনাইছে। প্ৰতিযোগিতাৰ কাৰ্যসূচীত ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তাই আন্তৰিকতাৰে কামনা কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *