স্বৰ্ণ জয়ৰে বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত চলি থকা বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয়ৰে জেভেলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই সৃষ্টি কৰিলে ইতিহাস। টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী নীৰজ বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। নীৰজে তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত ৮৮.১৭ মিটাৰ থ্ৰ’ দলিয়াই আৰু প্ৰথম স্থান দখল কৰে। একে সময়তে, ৰূপৰ পদকটো পাকিস্তানৰ আশ্ৰাফ নাদিমলৈ যায়। নাদিমে তেওঁৰ দ্বিতীয় প্ৰচেষ্টাত ৮৭.৮২ মিটাৰ দলিয়াই, এয়া হৈছে নীৰজৰ দ্বিতীয় পদক আৰু বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত প্ৰথম স্বৰ্ণ। ইয়াৰ পূৰ্বে, তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰত অনুষ্ঠিত বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ফাইনেলত ৮৯.৯১ মিটাৰ প্ৰচেষ্টাৰে ৰূপৰ পদক অৰ্জন কৰিছিল। তেওঁ গ্ৰেনাডা চেম্পিয়ন এণ্ডাৰচন পিটাৰ্ছৰ পিছত দ্বিতীয় স্থান লাভ কৰিছিল। উল্লেখ্য যে, বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপৰ ইতিহাসত মাত্ৰ দুজন ভাৰতীয়ই পদক জিকিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে, অঞ্জু ববি জৰ্জে ২০০৩ চনত লং জাম্পত ব্ৰঞ্জৰ পদক জিকিছিল। নীৰজ চোপ্ৰাৰ এইঐতিহাসিক সফলতাক লৈ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *