ভাৰতৰ আগশাৰীৰ এক সংঘবদ্ধ সংস্থা গডৰেজে গুণগত স্বাস্থ্য সেৱাৰ বিস্তৃত জনহিতকৰ প্ৰচেষ্টাৰ অংশ হিচাপে সকলোৰে বাবে উপলব্ধ হোৱাকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)ক অতি প্ৰয়োজনীয় সা-সঁজুলি যোগান ধৰিছে ।
গডৰেজে GMCHৰ অপাৰেচন ৰুমৰ বাবে ৫২,৯৩,৯২৬ টকা ব্যয়সাপেক্ষ ৪টা অত্যাধুনিক এনাস্থেচিয়া মেচিন আৰু ১২খন অত্যাধুনিক অ’টি টেবুল দান কৰিছে। এই সঁজুলি যোগানৰ লক্ষ্য হৈছে সমাজৰ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে চিকিৎসালয়ৰ সামৰ্থ্য শক্তিশালী কৰা আৰু অঞ্চলটোত ৰোগীৰ যত্নৰ মানদণ্ড উন্নত কৰা।এই উপলক্ষে এক উদ্বোধনী অনুষ্ঠান আয়োজন কৰা হৈছিল, আৰম্ভণিতে নতুন সুবিধাসমূহ মুকলি কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকি শোভা বৰ্ধন কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত স্বাস্থ্যসেৱা উপলব্ধতাৰ এক নতুন যুগৰ আৰম্ভণি হোৱাৰ লগতে সমাজ সেৱাৰ প্ৰতি গডৰেজ আৰু GMCHৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তোলা হয়। গডৰেজ ইণ্ডাষ্ট্ৰীজ এণ্ড এছ’চিয়েট প্ৰতিষ্ঠানসমূহৰ কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটিৰ মুৰব্বী গায়ত্ৰী দিভেচাই কয় যে, “ আমাৰ সমৰ্থন সেই দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখে যে প্ৰতিজন ব্যক্তিয়ে নিজৰ পৰিস্থিতি যিয়েই নহওক কিয়, নিৰ্ভৰযোগ্য, উন্নত আৰু সহানুভূতিশীল স্বাস্থ্যসেৱাৰ সুবিধা যাতে লাভ কৰিব পাৰে।”