উন্নত আৰু বহনক্ষম কৃষি সমাধানৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান স্বল কৰ্পৰেচন লিমিটেডে ফেৰিঅ’ ফ্লেছ মুকলি কৰিছে। যি হৈছে এক উদ্ভাৱনীমূলক আৰু পৰিৱেশ-অনুকূল সমাধান, যাৰ উদ্দেশ্য হৈছে দেশৰ চাহ বাগিচাসমূহত অপতৃণ ব্যৱস্থাপনা(ৱিড মেনেজমেণ্ট) কৌশলত বৈপ্লৱিক পৰিৱৰ্তন অনা।
ফেৰিঅ’ ফ্লেছ হৈছে এক বৈপ্লৱিক অপতৃণ ব্যৱস্থাপনা সমাধান, যিয়ে চাহ খেতিৰ বাবে গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু পাৰিপাৰ্শ্বিক সুবিধা প্ৰদান কৰে। ই দ্ৰুততাৰে অপতৃণৰ পাতত প্ৰৱেশ কৰে, যাৰ ফলত দ্ৰুতগতিত শুকাই যায় আৰু চাৰি ঘণ্টাৰ ভিতৰত সম্পূৰ্ণৰূপে নোহোৱা হয়। ফেৰিঅ’ ফ্লেছে অপতৃণ বীজৰ অংকুৰণ প্ৰতিহত কৰে, এক অপতৃণ-মুক্ত পৰিৱেশ নিশ্চিত কৰে আৰু সঘনাই তৃণনাশকৰ পুনৰ প্ৰয়োগৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে।
ইয়াৰ ফলত তৃণনাশকৰ নিৰ্ভৰশীলতা হ্ৰাস হয়, সামগ্ৰী আৰু শ্ৰমৰ সৈতে জড়িত খৰচ হ্ৰাস পায় আৰু চাহ বাগিচাৰ মালিকসকলৰ বাবে বিনিয়োগৰ লাভ বৃদ্ধি কৰে। যাৰ ফলত দীৰ্ঘম্যাদী সময়ত চাহ উদ্যোগৰ বহনক্ষম অৰ্থনৈতিক বিকাশতো অৰিহণা যোগায়। এই বিষয়ে স্বলৰ ব্যৱসায়িক মুৰব্বী পংকজ যোশীয়ে কয় যে: “এই পদক্ষেপে কৃষকসকলক এনে সঁজুলিৰে সজ্জিত কৰাৰ বাবে আমাৰ সমৰ্পণৰ আন এক পদক্ষেপক প্ৰতিনিধিত্ব কৰে যিয়ে উৎপাদনশীলতা বৃদ্ধি কৰে, বহনক্ষমতাক লাভান্বিত কৰাৰ লগতে বিনিয়োগৰ পৰা অসাধাৰণ লাভ প্ৰদান কৰে। ইয়াৰ লগতে সকলো সময়তে পৰিৱেশৰ অনুকুল বা সহনশীলতাৰ প্ৰতি আমাৰ অটল দায়বদ্ধতাক বজাই ৰাখে।”