স্কোডা ইণ্ডিয়াই নতুন পৰিকল্পনাৰে আগবঢ়াইছে বৃহৎ পৰ্টফলিঅ’, প্ৰতিযোগিতামূলক মূল্য নিৰ্ধাৰণ আৰু উন্নত বৈশিষ্ট্য

নিৰাপদ বাহন প্ৰস্তুতকৰ্তা আৰু প্ৰাপ্তবয়স্ক তথা শিশুসকলৰ বাবে ৫-ষ্টাৰ-ৰেটিংপ্ৰাপ্ত বাহনৰ বাবে পৰিচিত স্কোডা অটো ইণ্ডিয়াই ২০২৩ চনলৈকে নিজৰ সামগ্ৰীৰ কাৰ্য-কলাপ অব্যাহত ৰাখিব। এইবাৰ উৎসৱৰ বতৰৰ বাবে এক বহল আৰু বৃহৎ পৰ্টফলিঅ’ৰ ৰূপত আকৰ্ষণীয় উৎসৱৰ সময়ৰ মূল্য, বাহনবোৰত বহুতো নতুন সুবিধা আৰু এটা নতুন শ্লাভিয়া মেট সংস্কৰণ আগবঢ়াইছে। এই বিষয়ে স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ ছলকে কয় যে: “আমাৰ সামগ্ৰীসমূহত এই উৎসৱৰ অফাৰ আৰু বৰ্ধিত তথা উন্নীতকৰণে গ্ৰাহকক নতুন অভিজ্ঞতা প্ৰদান কৰিব আৰু আমাৰ গ্ৰাহকসকলে চমৎকাৰ মূল্য লাভ কৰিব।”

ফেষ্টিভ ছিজনত কুছাক আৰু শ্লাভিয়াৰ বেছ প্ৰাইচ(আধাৰ মূল্য) ১০.৮৯ লাখ টকা ধাৰ্য কৰা হ’ব। টপ-অৱ-দ্য-লাইন ষ্টাইল ভেৰিয়েণ্টত ড্ৰাইভাৰ আৰু সহ-চালকৰ বাবে ইলেক্ট্ৰিক আসন, আলোকিত ফুটৱেল এৰিয়া, স্কোডা প্লে এপৰ সৈতে ২৫.৪ চে.মি. ইনফ’টেইনমেণ্ট স্ক্ৰীণ, এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটোৰ সৈতে ৱায়াৰলেছ সংযোগ আৰু বুটত এটা চাবউফাৰ থাকিব। কুছাক মণ্টে কাৰ্লোত ইলেক্ট্ৰিক আসন আৰু ফুটৱেল ইলুমিনেচন(আলোকসজ্জা)ও থাকিব।
শ্লাভিয়া মেট এডিচন হৈছে কাৰ্বন ষ্টীল পেইণ্টত মেট ফিনিচিঙৰ সৈতে সীমিত সংস্কৰণৰ চেডান, ইয়াত ডিপ গ্লছি ব্লেকত দুৱাৰৰ হেণ্ডেল আৰু অ’আৰভিএমৰ দৰে সূক্ষ্ম ডিজাইন প্ৰদান কৰা হৈছে। গ্ৰাহকসকলে ১.০ আৰু ১.৫ টিএছআই টাৰ্বো পেট্ৰ’ল ইঞ্জিনৰ মাজৰ পৰা বাছনি কৰিব পাৰে আৰু ৬-স্পীড মেনুৱেল, ৬-স্পীড অটোমেটিক অথবা ৭-স্পীড ডিএছজিৰ মাজৰ পৰা বাছনি কৰিব পাৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *