স্কুল বেগক লৈ দুই ছাত্ৰৰ মাজত কাজিয়া! সহপাঠীৰ গাত জুই লগাই দিলে দশম শ্ৰেণীৰ ছাত্ৰই

উত্তৰ প্ৰদেশৰ আলিগড়ত দশম শ্ৰেণীৰ এজন ছাত্ৰই স্কুলৰ বেগ ক্ষতিসাধন কৰাৰ বাবে হোৱা কাজিয়াত সহপাঠীৰ দেহত অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনাত মহম্মদ কাঈফ নামৰ ছাত্ৰজৰ দেহৰ প্ৰায় ২৫ শতাংশ জ্বলি যোৱাৰ ফলত বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি আলিগড়ৰ চিটি হাইস্কুলৰ দশম শ্ৰেণীৰ দুই সহপাঠীৰ মাজত স্কুল বেগ ফালি পেলোৱাক লৈ হোৱা বিবাদৰ পিছতে অভিযুক্ত ছাত্ৰজনে সহপাঠীৰ গাত জুই লগাই দিয়ে।

ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰজনৰ পিতৃয়ে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছতে অভিযুক্ত ছাত্ৰজনক বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰাৰ লগতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

এই বিষয়টোৰ তদন্তৰ বাবে বিদ্যালয়খনে এখন তদন্ত সমিতিও গঠন কৰিছে।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *