সহায় কৰাৰ চলেৰে দৃষ্টিহীনা যুৱতীক ধৰ্ষণ! স্বেচ্ছাসেৱী সংস্থাৰ দুই কৰ্মীক গ্ৰেপ্তাৰ…

ডিজিটেল ডেস্কঃ অন্ধ স্বামী-স্ত্ৰীক সহায় কৰাৰ নামত স্বেচ্ছাসেৱী সংগঠনৰ দুগৰাকী কৰ্মীৰ বিৰুদ্ধে এগৰাকী যুৱতীক ধৰ্ষণ কৰাৰ অভিযোগ। অন্ধ স্বামী-স্ত্ৰীৰ ঘৰলৈ গৈ বিভিন্ন বিষয়ত সহায়ৰ হাত আগবঢ়াইছিল অভিযুক্তই। যুৱতীগৰাকীয়ে অভিযোগ কৰে যে স্বেচ্ছাসেৱী সংগঠনটোৰ কৰ্মী দুগৰাকীয়ে সেই সুযোগ ব্যৱহাৰ কৰি তেওঁক ধৰ্ষণ কৰিছিল। এই ঘটনাই গুজৰাটৰ ভালছাৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰে।

যদিও এই ঘটনাটো যোৱা আগষ্ট মাহত সংঘটিত হৈছিল, শেহতীয়াকৈ ভুক্তভোগী মহিলাগৰাকীয়ে থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি গুজৰাটৰ ছলছুম্বা গাঁৱৰ এটা স্বেচ্ছাসেৱী সংগঠনে নিয়মিতভাৱে অন্ধ পৰিয়ালটোক সহায় কৰিছিল। তেওঁলোকক খাদ্য আৰু অন্যান্য দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰি আহিছিল। এই সূত্ৰ অনুসৰি ৪০ বছৰীয়া কনা ভাদৰকা আৰু ৩৫ বছৰীয়া দিলীপ ডাক্সানীয়ে ২৬ বছৰীয়া কিশোৰীগৰাকীৰ ঘৰলৈ যাত্ৰা কৰিছিল।

এদিন কানা আৰু দিলীপ ছোৱালীজনীৰ ঘৰলৈ খাদ্য ডেলিভাৰী কৰিবলৈ যায়। ইয়াৰ পিছতে অজুহাত দেখুৱাই কানা ঘৰৰ ভিতৰত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে। আনহাতে দিলীপ স্বামীৰ সৈতে ওলাই যায়। এই সুযোগ ব্যৱহাৰ কৰি কানাই যুৱতীগৰাকীক ধৰ্ষণ কৰে। এই ঘটনাৰ কেইমাহমান পিছত দিলীপেও যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।

শেহতীয়াকৈ ভুক্তভোগী মহিলাগৰাকীয়ে কানা আৰু দিলীপৰ বিৰুদ্ধে ভালছাৰ থানাত এজাহাৰ দাখিল কৰে। শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত স্বেচ্ছাসেৱকক। কিন্তু প্ৰশ্ন উত্থাপন হয়, ইমান দিনৰ মূৰত কিয় এজাহাৰ দাখিল কৰিলে যুৱতীগৰাকীয়ে! সমগ্ৰ বিষয়টো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *