আজি পুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া।
দক্ষিণ শৰণীয়াত ভোটাধিকাৰ সাব্যস্ত কৰে আছু নেতা সমুজ্জল ভট্টাচাৰ্যই। ভোটাধিকাৰ সাব্যস্ত কৰিয়েই কয় যে গুৱাহাটীবাসীয়ে বৰ্তমান পানীৰ সমস্যাত ভুগি আছে। এয়া সামাধান হোৱাটো বিচাৰো। গুৱাহাটীৰ প্ৰতিজন মানুহকে বিশুদ্ধ খোৱাপানী লাগে। ২৪ ঘন্টাই খোৱাপানীৰ দাবী কৰে ভট্টাচাৰ্যই।