সুন্দৰ ফৰ্মত থকা এলিছা হিলিৰ শতকে অষ্ট্ৰেলিয়াক নাট চাইভাৰৰ শতক স্বত্বেও দেওবাৰে ইয়াত অনুষ্ঠিত ফাইনেলত চিৰ প্ৰতিদ্বন্দী ইংলেণ্ডক ৭১ ৰানত পৰাস্ত কৰি অভিলেখ সপ্তমবাৰৰ বাবে আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ জয় কৰাত সহায় কৰে। হিলিয়ে ব্যক্তিগত মুঠ ৪১ ৰানত লাভ কৰা জীৱনদানৰ সুবিধা লৈ ২৬ টা চাৰিৰ সহায়ত ১৩৮ টা বলত ১৭০ ৰান সংগ্ৰহ কৰে। তেওঁ প্ৰথম উইকেটৰ বাবে তেওঁৰ প্ৰাৰম্ভিক সহযোগী ৰাচেল হেইনছৰ (৯৩ বলত ৬৮ ৰান) আৰু দ্বিতীয় উইকেটৰ বাবে বেথ মুনিৰ (৪৭ টা বলত ৬২ ৰাণ) সৈতে ১৫৬ ৰানৰ অংশীদাৰী ত্বৰান্বিত কৰি অষ্ট্ৰেলিয়াক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ সময়ত পাঁচ উইকেটত ৩৫৬ ৰান সংগ্ৰহ কৰাত সহায় কৰে। ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ তৰফৰ পৰা চাইভাৰে ১২১ টা বলত ১৫ টা চাৰি আৰু এটা ছয়ৰ সহায়ত ১৪৮ নট আউট খেলিছিল, কিন্তু তেওঁৰ বাহিৰে আন কোনো বেটছমেনে ৩০ ৰানত উপনীত হ’ব নোৱাৰিলে আৰু শেষত তেওঁৰ গোটেই দলটো ৪৩.৪ অভাৰত ২৮৫ ৰানত অলআউট হয়।
অষ্ট্ৰেলিয়াৰ হৈ লেগ স্পিনাৰ এলিনা কিংয়ে ৬৪ ৰানত তিনিটা উইকেট দখল কৰে। আনহাতে বাওঁহাতৰ স্পিনাৰ জেছ জোনাছেনে ৫৭ ৰানত তিনিটা উইকেট দখল কৰে। দ্ৰুত বলাৰ মেগান শ্বাক্টে ৪২ ৰানত দুটা উইকেট দখল কৰে। অষ্ট্ৰেলিয়াই এই প্ৰতিযোগিতাখনত অপৰাজিত হৈ খিতাপ জিকে। ইয়াৰ পূৰ্বে তেওঁলোকে ১৯৭৮, ১৯৮২, ১৯৮৮, ১৯৯৭, ২০০৫ আৰু ২০১৩ চনত খিতাপ জয় কৰিছিল। তেওঁলোকে ২০১৭ চনত ছেমি ফাইনেলত ভাৰতৰ হাতত পৰাজিত হৈছিল। ইংলেণ্ড চাৰিবাৰৰ চেম্পিয়ন।
হিলিয়ে পুৰুষ আৰু মহিলা বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক ব্যক্তিগত স্ক’ৰৰ বাবে এটা নতুন অভিলেখ গঢ়িছে। তেওঁৰ পিছত আছে এডাম গিলক্ৰিষ্ট (১৪৯, বিশ্বকাপ ২০০৭), ৰিকি পন্টিং (১৪০, বিশ্বকাপ ২০০৩) আৰু ভিভ ৰিচাৰ্ডছ (১৩৮, বিশ্বকাপ ১৯৭৯)। হিলিৰ সুন্দৰ ইনিংছৰ পিছত, অষ্ট্ৰেলিয়াক বলিংত ভাল আৰম্ভণি দি মেগান শ্বুটে ইংলেণ্ডৰ দুয়োজন অপেনাৰক সাত অভাৰৰ ভিতৰত পেভিলিয়নলৈ প্ৰেৰণ কৰে । তেওঁ ডেনি ৱাইটক (চাৰি) ইনচুইংগাৰত বল কৰাৰ পিছত টেমি বিউমন্টক (২৭) আউট কৰে। যেতিয়া এটা মূৰৰ পৰা উইকেট পৰিব ধৰে তেনে সময়তে চাইভাৰে ৯০ টা বলত তেওঁৰ পঞ্চম শতক সম্পূৰ্ণ কৰে। তাৰ পিছত, তেওঁ অধিক আক্ৰমণাত্মক বেটিং আৰম্ভ কৰে। তেওঁ সোনকালেই তেওঁৰ কেৰিয়াৰৰ পূৰ্বৰ সৰ্বোচ্চ স্ক’ৰ (১৩৭) অতিক্ৰম কৰি অষ্ট্ৰেলিয়াৰ শিবিৰত এক ধুমুহাৰ সৃষ্টি কৰে। চাৰ্লি ডিনে (২১) কিছু সময়ৰ বাবে তেওঁক সমৰ্থন কৰিছিল কিন্তু আনটো প্ৰান্তৰ পৰা সমৰ্থনৰ অভাৱৰ বাবে চাইভাৰে ইংলেণ্ডক অলৌকিক ফলাফল দিব নোৱাৰিলে। তেওঁ ডিনৰ সৈতে নৱম উইকেটৰ বাবে ৬৫ ৰান যোগ কৰে, যিটো ইংলেণ্ডৰ ইনিংছৰ আটাইতকৈ ডাঙৰ অংশীদাৰীত্ব আছিল। ইয়াৰ আগতে, অষ্ট্ৰেলিয়াৰ ইনিংছ হিলিৰ চাৰিওফালে ঘূৰি আছিল, যাক হেইনছ আৰু মুনিয়ে ভালদৰে সমৰ্থন কৰে। ইয়াৰ সৈতে, অষ্ট্ৰেলিয়াই মহিলা বিশ্বকাপৰ ফাইনেলত সৰ্বাধিক স্ক’ৰৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। পুৰুষ আৰু মহিলা বিশ্বকাপৰ ফাইনেলত এইটো দ্বিতীয় ডাঙৰ স্ক’ৰ। ২০০৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ বিৰুদ্ধে দুটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ পুৰুষ দলে ৩৫৯ ৰান সংগ্ৰহ কৰিছিল। সোঁহাতৰ আৰু বাওঁহাতৰ বেটছমেনৰ সংমিশ্ৰণ বজাই ৰাখিবলৈ মুনিক অধিনায়ক মেগ লেনিংৰ আগত বেটিংৰ বাবে পঠিওৱা হৈছিল। হেগলি ওভালৰ ভৰ্তি ষ্টেডিয়ামত, হিলিয়ে নিজৰ সুন্দৰ ফৰ্ম অব্যাহত ৰাখে আৰু নকআউট পৰ্যায়ত একেৰাহে দ্বিতীয়টো শতক অৰ্জন কৰে। তেওঁ ছেমি ফাইনেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১২৯ ৰান সংগ্ৰহ কৰে।