সনাতন ধৰ্মক ডেংগু, মেলেৰিয়াৰ সৈতে তুলনা কৰা উদয়ানিধি ষ্টেলিনক চমন আদালতৰ

যোৱা বছৰ সনাতন ধৰ্ম সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিয়া তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনৰ পুত্ৰ উদয়ানিধি ষ্টেলিনৰ বিপদ বৃদ্ধি পাইছে। উদয়ানিধিৰ বিৰুদ্ধে বেংগালুৰু আদালতে চমন জাৰি কৰিছে। ৪ মাৰ্চত আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছে আদালতে। উল্লেখ্য যে পৰমেশ নামৰ স্থানীয় জনপ্ৰতিনিধি এজনে উদয়ানিধি ষ্টেলিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

পৰমেশৰ অভিযোগ সন্দৰ্ভত বেংগালুৰু আদালতে তেওঁক চমন জাৰি কৰিছে। প্ৰণিধানযোগ্য যে, তামিলনাডুৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই সনাতন ধৰ্মক লৈ বিতৰ্কিত বক্তব্য দিছিল। তেওঁ সনাতন ধৰ্মক ডেংগু আৰু মেলেৰিয়াৰ লগত তুলনা কৰিছিল। এই সন্দৰ্ভত যোৱা বছৰ এক তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সেই অনুষ্ঠানৰ আয়োজন কৰা ব্যক্তিজনকো বেংগালুৰু আদালতে চমন জাৰি কৰিছে।

দৰাচলতে যোৱা বছৰ তামিলনাডুত আয়োজিত ‘সন্তনাম এলিমিনেচন কনফাৰেন্স’ত উদয়ানিধিয়ে সনাতন ধৰ্মক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই কাৰ্যসূচীত বিজেপিৰ বহু ডাঙৰ নেতাইও অংশ লৈছিল। এই কাৰ্যসূচীত উধয়ানিধিয়ে সনাতন ধৰ্মক মহ, মেলেৰিয়া, ডেংগু, ক’ৰোনা আদি ৰোগৰ সৈতে তুলনা কৰিছিল। উধয়ানিধিৰ এই বক্তব্যক সমগ্ৰ দেশতে তীব্ৰ গৰিহনা দিয়া হৈছিল।

সনাতন ধৰ্মৰ ওপৰত উদয়ানিধিয়ে দিয়া এই বক্তব্যই সমগ্ৰ দেশতে এক নতুন বিতৰ্ক আৰম্ভ কৰিলে। আনকি প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ বক্তব্যক গৰিহণা দিছিল। সনাতন সন্দৰ্ভত দিয়া বিতৰ্কিত বক্তব্যৰ পিছত উদয়ানিধিৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছিল আৰু মাদ্ৰাজ উচ্চ ন্যায়ালয়েও তেওঁক ধমক দিছিল। আদালতে কৈছিল যে কোনো ব্যক্তিৰ বিভাজনকাৰী ধাৰণাক প্ৰচাৰ বা নিৰ্মূল কৰাৰ অধিকাৰ নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *