উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ৰাফৰ্ডছ স্মল গ্ৰান্টছ ফাউণ্ডেশ্যনৰ সহায় আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল (অ’এনপি এণ্ড টিআৰ) কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ সহযোগত ২০-২৪ জুনলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ আশে-পাশে থকা বিভিন্ন শিক্ষানুষ্ঠানত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কীয় এলানি সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰে। এই কাৰ্যসূচীৰ অধীনত বিভিন্ন সম্প্ৰসাৰিত কাৰ্যকলাপৰ জৰিয়তে অঞ্চলটোৰ ৭ খন বিদ্যালয় আৰু প্ৰতিষ্ঠানৰ ১১০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছিল ।
ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ আশে-পাশে বাস কৰা ছাত্ৰ-ছাত্ৰীসকলক পৃথিৱীৰ চহকী আৰু বৈচিত্ৰময় পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰাৰ বাবে তেওঁলোকৰ চৌপাশৰ জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।
সম্প্ৰসাৰিত কাৰ্যসূচীলানিৰ অধীনত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানক বিশেষ গুৰুত্ব আৰোপ কৰি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ বিষয়ক উপস্থাপন, মত-বিনিময় অধিবেশন, দলীয় কাৰ্যসূচী, কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা আৰু তত্ত্বাৱধানৰ চেতনা জগাই তুলিবলৈ পুথিভঁৰালসমূহৰ বাবে পঠন সামগ্ৰী বিতৰণকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছিল ।
২০ জুনত দলগাঁৱৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ত আৰম্ভ হোৱা এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞান বিভাগৰ সহযোগত হাতে কামে জি পি এছৰ ব্যৱহাৰৰ প্ৰশিক্ষণৰ লগতে “বন্যপ্ৰাণী সংৰক্ষণ আৰু বাসস্থান গৱেষণাত ভূ-অৱস্থানিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগ” বিষয়ক এখন দিনযোৰা কৰ্মশালা অনুষ্ঠিত কৰা হয় । মহাবিদ্যালয়খনৰ উল্লেখিত বিভাগসমূহৰ পৰা প্ৰায় ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰে।
২১ জুনত শিলবৰীৰ কেৰামত আলী মধ্য এংৰাজী বিদ্যালয়ত অনুষ্ঠিত এক দলীয় সংৰক্ষণ কাৰ্যসূচীত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ ১০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ‘আৰ্দ্ৰভূমিৰ গুৰুত্ব, কীটনাশকৰ ব্যৱহাৰ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ, জৈৱ বৈচিত্ৰ্যৰ গুৰুত্ব, প্লাষ্টিক প্ৰদূষণ, বৰষুণৰ পানী সংগ্ৰহ’ আদি বিষয়ক লৈ অনুষ্ঠিত দলীয় কাৰ্যসূচীত শিক্ষাৰ্থী গোটসমূহে তেওঁলোকৰ চিন্তাধাৰা দাঙি ধৰে। সেইদিনা শিলবৰিৰ ছিৰাজুল হক হাইস্কুলত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকন প্ৰতিযোগিতা আৰু নৱম শ্ৰেণীৰ প্ৰায় ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ সৈতে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক মত-বিনিময় অনুষ্ঠিত কৰা হয়।
আনহাতে ২২ জুনত ২নং কছাৰী ভেটিটোপ নিম্ন প্ৰথমিক বিদ্যালয়ত প্ৰাথমিক শাখাৰ প্ৰায় ২৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰকৃতি আৰু বন্যপ্ৰাণী সংৰক্ষণক মূল বিষয় হিচাপে লৈ এখন চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু তাৰ পিছত বৰছলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ২০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক উপস্থাপন আৰু মত-বিনিময় অধিবেশন অনুষ্ঠিত কৰা হয় ।