সংস্কাৰ ভাৰতীৰ মহানগৰ সমিতিৰ জৰুৰী বৈঠক অনুষ্ঠিত

পল্টন বজাৰৰ কল্যান আশ্ৰমত ৰুমী ভূঞাৰ সভাপতিত্বত  সংস্কাৰ ভাৰতীৰ  মহানগৰ কমিটিৰ এখন জৰুৰী সভা কালি অনুষ্ঠিত হয় । সভাৰ আৰম্ভণিতে সংস্কাৰ ভাৰতীৰ ধ্যেয়গীত পৰিবেশন কৰা হয় । সভাত উদ্দেশ্য বাখ্যা কৰে ড০ বেদব্ৰত শইকীয়াই । ইফালে  কাৰ্য্যকৰী সভাপতি ড০অসীম বৰাই  সংস্কাৰ ভাৰতীৰ বিষয়ে চমু বক্তব্য দাঙি ধৰে । উল্লেখযোগ্য যে আঠটা বিধাৰ সংগীতবিধা ,নাট্যবিধা , নৃত্য বিধা, চিত্ৰকলা বিধা , লোককলা বিধা , প্ৰাচীন কলা বিধা, সাহিত্য বিধা , ভূ-অলংকাৰ বিধা সমূহৰ সকলো প্ৰমুখ , নগৰসমূহৰ সংযোজক আৰু পৰ্য্যবেক্ষক সকলকে ধৰি সকলো বিষয়ববীয়াৰ মাজত ১২ খন নগৰ গঠন কৰি কেনেধৰনেৰে নগৰখন আগুৱাই নিব পাৰি সেই বিষয়ে কালিৰ জৰুৰী বৈঠকত আলোচনা কৰা হয় । নগৰ সমূহৰ উন্নতিৰ কল্পে   কিছুমান  সুন্দৰ পদক্ষেপ গ্ৰহণ বৈঠকতঢ়কৰা হয়  । প্ৰণিধানযোগ্য যে বৈঠকত মহানগৰ কমিটিৰ সকলো বিষয়ববীয়া আৰু সদস্য উপস্থিত আছিল ।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *