ৰাজ্যখনৰ শেহতীয়া বানপানীত সৰ্বস্ব হেৰুওৱা বানাক্ৰান্ত ৰাইজক লৈ কেৱল প্ৰচাৰমুখী ৰাজনীতিত নামি পৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বানত বহুলোকে সৰ্বস্ব হেৰুওৱাব লগীয়া হৈছে। ইমানৰ পিছতো কেৱল সস্তীয়া জনপ্ৰিয়তা অর্জনত জপিয়াই পৰিছে মুখ্যমন্ত্ৰীগৰাকী। তেওঁ সস্তীয়া জনপ্ৰিয়তাৰ আশাত কেমেৰা বাহিনী লগত লৈ বনপীড়িতৰ কাষত থিয় হোৱাৰ নামত মুখ্যমন্ত্ৰীজনে চৰম প্ৰতাৰণা কৰিছে বান বিধ্বস্ত ৰাইজক। এই বুলি আজি দিছপুৰ প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ সভাপতি অজিত কুমাৰ ভূঞাই। তেওঁ সংবাদ মেলত কয়- বনপীড়িত ৰাইজৰ মাজত চৰকাৰে এমুঠি চাউল, দাইল, সামান্য পৰিমাণৰ মিঠাতেল বিতৰণ কৰিয়ে দায় সাৰিবলৈ যত্ন কৰিছে। আচলতে এই চৰকাৰখন বান-বিধস্ত ৰাইজক চৰম উপহাস কৰিছে, চূড়ান্ত উপলঙা কৰিছে। কালৰূপী এইবাৰৰ বানত সৰ্বস্ব হেৰুওৱা মানুহৰ কাষত থিয় হোৱাৰ নামত লগত টেলিভিছনৰ কেমেৰা দল লগত লৈ মুখ্যমন্ত্ৰীজনে অতি নিৰ্লজ্জভাৱে নাটকীয় চৰিত্ৰত কৰাদি অভিনয় কৰি ফুৰাৰ বাহিৰে আৰু সকলো কৰিম কৰিম বুলি চূড়ান্ত মিথ্যাচাৰেৰে ৰাইজক প্ৰতাৰণা কৰাৰ বাহিৰে একো কৰিব পৰা নাই। আজিলৈকে ‘নেচনেল ডিজাষ্টৰ ৰেচপন্স ফাণ্ড’ (এন ডি আৰ এফ) ৰ পৰা এটা টকাও এই জটিল ক্ষণত অসমৰ ৰাইজৰ সাহাৰ্য্যৰ বাবে মোকলাই আনিব নোৱাৰটো মুখ্যমন্ত্ৰীজনৰ চূড়ান্ত ব্যৰ্থতাৰ বাহিৰে আন একো নহয় বুলি তীব্ৰ সমালোচনা কৰে সাংসদগৰাকীয়ে। তেওঁ লগতে কয়-ভোটৰ সময়ত অসমলৈ তাঁতবাটি কঢ়া ক্ষমতালুভী প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু বিজেপিৰ কেন্দ্ৰীয় নেতাসকলে অসমৰ ৰাইজক এই অভূতপূৰ্ব বানৰ সময়ত ‘বিশেষ পেকেজ’ দিয়াৰ দূৰৰ কথা, ক্ষন্তেক আহি বনপীড়িত ৰাইজৰ কাষত থিয় হৈ এষাৰ মাত মাতিবলৈ সময় উলিয়াব নোৱৰাটোক তেওঁলোকৰ প্ৰতাৰক চৰিত্ৰৰ আন এক নজিৰ বুলি অভিহিত কৰে সাংসদগৰাকীয়ে।