ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্সে গুৱাহাটীত নিষ্পত্তি কৰিছে ১৪ কোটি টকাৰ ক্লেইম

ভাৰতৰ ষ্টাৰ হেল্থ এণ্ড এলাইড ইঞ্চুৰেন্সে বিগত ১৫ মাহত গুৱাহাটীত ১৪ কোটি টকাৰো অধিক দাবী নিষ্পত্তিৰ ক্ষেত্ৰত ১৩ কোটিতকৈ অধিক টকা নেটৱৰ্ক চিকিৎসালয়সমূহলৈ আৰু প্ৰায় ১ কোটি টকা অঞ্চলটোৰ নন-নেটৱৰ্ক চিকিৎসালয়সমূহক প্ৰদান কৰিছে। ২০২২ চনৰ এপ্ৰিলৰ পৰা ২০২৩ চনৰ জুন মাহৰ ভিতৰত ষ্টাৰ হেলথে কেছলেছ দাবী নিষ্পত্তিৰ ক্ষেত্ৰত ১২ কোটি টকাতকৈ অধিক আৰু গুৱাহাটীত ৰিম্বাৰ্ছমেণ্ট(পৰিশোধ) দাবী নিষ্পত্তিৰ ক্ষেত্ৰত ২ কোটি টকাৰ অধিক নিষ্পত্তি কৰিছে।

প্ৰতিষ্ঠানটোৱে মাত্ৰ ২ ঘণ্টাৰ ভিতৰত সকলো নগদবিহীন দাবী নিষ্পত্তি কৰাৰ লগতে ২ ঘণ্টাৰ ভিতৰত নগদবিহীন চিকিৎসাৰ বাবে প্ৰাৰম্ভিক অনুমোদন জনাইছে। দাবী দাখিল কৰাৰ ৭ দিনৰ ভিতৰত পৰিশোধ ক্লেইম কৰা হৈছিল। গুৱাহাটীত অস্ত্ৰোপচাৰৰ বাবে আছিল অধিকাংশ ক্লেইম, ৮ কোটি টকাৰো অধিক দাবী হৈছে পে-আউট(পৰিশোধিত)। মহিলাসকলে কৰা দাবীৰ দিশত ৬ কোটি টকাতকৈ অধিক ধন পৰিশোধ কৰা হৈছিল, আনহাতে পুৰুষে কৰা ক্লেইমৰ বিপৰীতে ৮ কোটি টকা দিয়া হৈছিল।

ষ্টাৰ হেল্থ এণ্ড এলাইড ইনশ্বুৰেন্স কোম্পানী লিমিটেডৰ চীফ ক্লেইমছ অফিচাৰ সনাথ কুমাৰ কেই নিজৰ অন্তৰ্দৃষ্টি ভাগ-বতৰা কৰি কয় যে, “আমি সুখী যে গুৱাহাটীত ষ্টাৰ হেলথে দাবী-নিষ্পত্তি আৰু নগদবিহীন চিকিৎসাৰ অনুমোদন জনোৱাত তৎপৰতাৰে কাম কৰিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *