শৰাইঘাটৰ পৰা জঁপিয়াই আত্মহত্যা এগৰাকী মহিলা কনিষ্টবলৰ, উদ্ধাৰ চেণ্ডেল আৰু ফোন…

গুৱাহাটীৰ শৰাইঘাট দলঙৰ পৰা জঁপিয়াই এগৰাকী মহিলা আৰক্ষী কনিষ্টবলে আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

শিলসাঁকো উচ্ছেদ অভিযানত নিয়োজিত হৈ থকা মহিলা কনিষ্টবলগৰাকীৰ ফোন আৰু চেণ্ডেল শৰাইঘাট দলঙত উদ্ধাৰ হোৱাৰ পিছতে তেওঁ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ সন্দেহ কৰা হৈছে।

চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে, গায়ত্ৰী হাজৰিকা নামৰ মহিলা আৰক্ষী কনিষ্টবলগৰাকী পল্টনবজাৰ থানাত নিযুক্তি দিয়া হৈছিল। ব্ৰহ্মপুত্ৰত গায়ত্ৰীৰ সন্ধান বিচাৰি অভিযান অব্যাহত ৰখা হৈছে।

অভিযোগ অনুসৰি, শিলসাঁকো উচ্ছেদত নিয়োজিত মহিলা কনিষ্টবলগৰাকীয়ে তাৰ পৰা তেওঁক অন্য স্থানত নিয়োজিত কৰিবলৈ অনুৰোধ জনাই আহিছিল। কিন্তু তেওঁৰ অনুৰোধ প্ৰত্যাখান কৰিছিল উৰ্ধ্বতন কৰ্তৃপক্ষই।

অৱশ্যে মহিলা কনিষ্টবলগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *