শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত টি-২০ শৃংখলা

শ্ৰীলংকা আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা তিনিখন খেলৰ টি-২০ শৃংখলাত ঘৰুৱা দলটোৱে শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰে। ছুপাৰ অভাৰত এই শৃংখলাৰ প্ৰথমখন মেচত পৰাজিত হোৱাৰ পিছত আজি অনুষ্ঠিত দ্বিতীয়খন খেলত নিউজিলেণ্ডে শ্ৰীলংকাক পৰাস্ত কৰে। নিউজিলেণ্ডে প্ৰথমে এই খেলখনত শ্ৰীলংকাক মাত্ৰ ১৪১ ৰানত অলআউট কৰে আৰু পিছত ৩২ টা বল বাকী থকা অৱস্থাতে মেচখনত জয় লাভ কৰে। এই খেলখনত নিউজিলেণ্ডৰ অধিনায়ক টম লাথামে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। শ্ৰীলংকাই ২৯ ৰানতে তেওঁলোকৰ দুয়োজন অপেনাৰৰ উইকেট হেৰুৱাইছিল। ইয়াৰ পিছতে কুশল পেৰেৰা (৩৫) আৰু ধনঞ্জয়া ডি চিলভা (৩৭)য়ে শ্ৰীলংকাৰ হৈ ৬২ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব কৰে। কিৱি বলাৰ এডাম মিলনে ২৬ ৰানত ৫ টা উইকেট দখল কৰে।নিউজিলেণ্ডে ১৪২ ৰানৰ লক্ষ্য অনুসৰণ কৰে। ইয়াত অপেনাৰ চাড বোৱেছ ১৫ টা বলত ৩১ ৰান সংগ্ৰহ কৰাৰ পিছত আউট হয়। ইয়াৰ পিছত, টিম চেইফাৰ্টে ৪৩ টা বলত ৭৯ ৰান কৰে আৰু অধিনায়ক টম লাথামে অপৰাজিত ২০ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক ৯ উইকেটত জয় প্ৰদান কৰে। কিৱি দলটোৱে ১৫ তম অভাৰত জয়লাভ কৰিছিল। এডাম মিলনেক ‘প্লেয়াৰ অফ দ্য মেচ’ প্ৰদান কৰে। উল্লেখ্য যে নিউজিলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এই তিনিখন খেলৰ টি-২০ শৃংখলা এতিয়া ১-১ত অমীমাংসিত হৈ পৰিছে। এই শৃংখলাৰ তৃতীয় আৰু অন্তিম খন খেল নিৰ্ণায়ক হ’বলৈ গৈ আছে। খেলখন ৮ এপ্ৰিলত কুইন্সটাউনত খেলা হ’ব। খেলখন ভাৰতীয় সময় মতে পুৱা ৬.৩০ বজাত আৰম্ভ হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *