শ্বিলং চেৰী ব্লজম ফেষ্টিভেলৰ স্বাস্থ্য অংশীদাৰ ড্যুৰেক্স টিবিবিটি 

শ্বিলং চেৰী ব্লছম ফেষ্টিভেল ২০২৩ৰ তৃতীয় সংস্কৰণত স্বাস্থ্য অংশীদাৰৰূপে আছিল ৰেকিটৰ নেতৃত্বত আয়োজিত ড্যুৰেক্স দ্য বাৰ্ডছ এণ্ড বিজ টক (টিবিবিটি) কাৰ্যসূচী। মেঘালয়ৰ পৰ্যটন বিভাগৰ দ্বাৰা আয়োজিত এই মহোৎসৱ হৈছে এক সাংস্কৃতিক আৰু সংগীত সমাৰোহ, য’ত জনপ্ৰিয় সংস্কৃতিৰ লগতে স্থানীয় আৰু থলুৱা ট্ৰেণ্ডসমূহ উদযাপন কৰা হয়। টিবিবিটি ডিছপ্লে কৰ্নাৰত শিশুসকলৰ বাবে এক ইণ্টাৰেক্টিভ ৰান টু লাৰ্ন গেম(সমন্বিত সংমিশ্ৰিত অভিজ্ঞতা প্ৰদানকাৰী খেল) আগবঢ়োৱা হৈছিল, যি এই কাৰ্যসূচীৰ পাঁচটা নীতিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল। মেঘালয়ৰ ৰেপাৰ এ হোছিয়াই আগন্তুক ড্যুৰেক্স টিবিবিটি ৰেপ এলবাম প্ৰদৰ্শন কৰে, এই এলবামটো হৈছে অন্তৰ্ভুক্তি, সুৰক্ষা, সজাগতা, ইকুইটি আৰু সন্মতিৰ মূল নীতিৰ দ্বাৰা প্ৰভাৱিত।

টিবিবিটি সচেতন(কনচিয়াছ) কৰ্নাৰসমূহে কিশোৰ-কিশোৰীসকলক ডাঙৰ হৈ অহাৰ লগে লগে সন্মুখীন হ’ব লগা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এক অন্তৰ্ভুক্ত আৰু নিৰাপদ স্থান প্ৰদান কৰিছিল, যাৰ জৰিয়তে সামগ্ৰিক শিক্ষা আৰু নিজৰ মঙ্গলৰ বাবে প্ৰতিটো কাৰ্যসূচীৰ দায়বদ্ধতাক আৰু অধিক শক্তিশালী কৰি তুলিছিল। টিবিবিটি কনচিয়াছ কৰ্ণাৰ উদ্বোধন কৰে ৰি ভয় জিলাৰ উপায়ুক্ত তথা আইএএছ বিষয়া অৰ্পিত উপাধ্যায়ে। সমাজৰ সকলো বয়সৰ শিশুৰ বাবে টিবিবিটি পাঠ্যক্ৰমৰ গ্ৰন্থ আৰু অন্যান্য পঠন সামগ্ৰীসমূহো প্ৰদৰ্শন কৰা হৈছিল।

এই বিষয়ে ৰেকিটৰ এছঅ’এৰ বৈদেশিক পৰিক্ৰমা আৰু অংশীদাৰিত্ব বিভাগৰ সঞ্চালক ৰবি ভাটনাগৰে কয় যে, “শ্বিলং চেৰী ব্লজম ফেষ্টিভেল ২০২৩ত স্বাস্থ্য অংশীদাৰ হিচাপে আমাৰ ভূমিকাৰ দ্বাৰা আমি গৰ্বিত হৈছোঁ,  যি হৈছে ৰাজ্যখনৰ সবাতোকৈ প্ৰিয় মহোৎসৱলৈ পৰ্যবসিত হোৱা এক সংগীত সমাৰোহ, য’ত ৰাজ্যখনে এতিয়ালৈকে দেখা সৰ্ববৃহৎ শিল্পীৰ লাইনআপ(সূচী) আৰু ছেটআপ(উপস্থাপন) প্ৰদান কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *