নিজৰ একান্ত চেষ্টা আৰু একাগ্ৰতাৰ থাকিলে মানুহে নিজৰ সপোন চুব পাৰে ।মানুহে কষ্ট সাধনাত ব্ৰতী হলেহে সাহিত্য সৃষ্টি কৰিব পাৰে।এই মন্তব্য আগবঢ়াই জ্যেষ্ঠ অধিবক্তা ৰমণী মোহন বৰুৱাই। উল্লেখযোগ্য যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত ভাষা প্ৰকাশনৰ উদ্যোগত অনুষ্ঠিত এক গ্ৰন্থ উন্মোচনী সভাত তৰুণ প্ৰজন্মৰ লেখক ৰাহুল দাসৰ “আউসী নিশাৰ তেজাল জোনাক” শীৰ্ষক উপন্যাস খন উন্মোচন কৰি লেখক বৰুৱাই এই মন্তব্য আগবঢ়াই। নিজৰ ভাষণত অধিবক্তা বৰুৱাই লেখক ৰাহুল দাসে কিদৰে ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানত কাম কৰি থাকিও সাহিত্য সাধনাত ব্ৰতী হৈছে তাক সাৱলীল ভাবে প্ৰকাশ কৰে। নিজৰ বক্তব্যত ৰমণী মোহন বৰুৱাই অসমীয়া ভাষা আৰু সাহিত্যৰ শংকৰ সময়ত ৰাহুল দাসৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা লেখকৰ এনে কৰ্মই অসমীয়া ভাষা যে কেতিয়াও নমৰে তাক প্ৰকাৰন্তৰে প্ৰমাণ কৰা বুলিও মত প্ৰকাশ কৰে । ইপিনে লিখকৰ মনৰ ভাব ব্যক্ত কৰি ৰাহুল দাসে কি দৰে নিজৰ কৰ্তব্য সমাপন কৰি গৈ দুখ ভাগৰ পাহৰি সাহিত্যৰ চৰ্চা কৰে তাক ব্যক্ত কৰে। লগতে পাঠকৰ আশীৰ্বাদ পালে ভৱিষ্যতলৈ আৰু অধিক সৃষ্টিশীল কাম কৰিবলৈ যত্ন কৰিব বুলিও মত প্ৰকাশ কৰে । কাব্য সাহিত্যৰ জৰিয়তে সাহিত্য জগতত চিনাকি লাভ কৰা সোনাপুৰৰ কবি হিমাদ্রি দাসৰ আদৰণি ভাষণৰে আৰম্ভ হোৱা আজিৰ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে লেখক অভিনেতা দিলীপ দাসৰ লগতে ৰাহুল দাসৰ পিতৃ হৰেকৃষ্ণ দাস মাতৃ অনিমা দাস। ৰাহুল দাসৰ পিতৃ হৰেকৃষ্ণ দাসে পুত্ৰক আৰু ভাল কাম কৰি আগবাঢ়ি যাবলৈ আৰু ভাষা সাহিত্যৰ হকে কাম কৰিবলৈ আশীৰ্বাদ দিয়ে । উল্লেখযোগ্য যে পল্লবিকা মহন্তই আঁতধৰা আজিৰ এই গ্ৰন্থ উন্মোচনী সভা যুৱ সমাজকর্মী আব্দুল হাইৰ শলাগৰ শৰাইৰে সামৰণী পৰে ।
শ্বপিং মলৰ কৰ্মচাৰী ৰাহুল দাসৰ গ্ৰন্থ উন্মোচন : ৰাহুলে এদিন আকাশ চুব -ৰমণী মোহন বৰুৱা ।
