নিষ্ঠুৰ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি নিলে ৫ গৰাকীকৈ সুঠাম যুৱকৰ।
নিশা প্ৰায় ১ মান বজাত শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে মৃত্যু ৫ যুৱকৰ।
নিহত সকলক ক্ৰমে গটংগাৰ দ্বীপেন বৰা, বালিপুখুৰীৰ ভাইকন পটংগীয়া, বেচেৰীয়াৰ বিদ্যুৎ নাথ, কাৱৈমাৰীৰ আকাশদ্বীপ বৰা আৰু ৰঙাপুখুৰীপাৰৰ বিশ্বজিৎ শইকীয়া বুলি চিনাক্ত কৰা হৈছে।
AS 12R 2115 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলতে বাহনখনত থকা ৫ যুৱকৰ থিতাতে মৃত্যু হয়।
নিয়ন্ত্রণ হেৰুৱাই পথৰ কাষৰ খাৱৈত বাগৰি পৰে তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহন।
বালিপৰাৰ পৰা তেজপুৰ দিশে গৈ আছিল বাহনখন।