গুৱাহাটীৰ গণেশগুৰি অঞ্চলত বৃহস্পতিবাৰে পুৱা এখন স্কুল বাছৰ খুন্দাত মৃত্যু ঘটে এগৰাকী একাদশ শ্ৰেণীৰ ছাত্ৰীৰ।
নিহত ছাত্ৰীগৰাকীক প্ৰিয়া কুমাৰী বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, পুৱা প্ৰিয়াই ভগ্নীৰ সৈতে স্কুললৈ গৈ থকা সময়তে ৰয়েল গ্ল’বেল স্কুলৰ এখন স্কুলবাছে ছাত্ৰীগৰাকীৰ স্কুটীখনত খুন্দা মাৰে।
যাৰ ফলত চকাৰ তলত পিষ্ট হৈ প্ৰিয়াৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আহত হয় ভগ্নী।
ইফালে দুৰ্ঘটনাৰ পিছতে স্কুলবাছখনৰ চালক বিপুল বড়োক আটক কৰে বশিষ্ঠ আৰক্ষীয়ে।