মঙলবাৰে কামৰূপ জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় দুই কিশোৰ ছাত্ৰ। নিয়ন্ত্ৰণহীন হৈ বাইকেৰে গৈ থকা ছাত্ৰদুজনে পথৰ দাঁতিৰ বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা।
কামৰূপৰ পলাশবাৰী অঞ্চলত সংঘটিত এই দুৰ্ঘটনাত নিহত দুজনক দশম শ্ৰেণীৰ ছাত্ৰ অম্লান জ্যোতি দাস আৰু চন্দন আলী বুলি চিনাক্ত কৰা হৈছে।
স্থানীয় ৰাইজৰ মতে, দুয়োজনেই এটা অনুষ্ঠানলৈ গৈ থকা অৱস্থাত বাইক চলোৱা এজন ব্যক্তিয়ে নিয়ন্ত্ৰণ হেৰুৱাই এটা খুঁটাৰ সৈতে খুন্দা মাৰে।
দুয়োজনেই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। অৱশ্যে চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে। পলাশবাৰী আৰক্ষী থানাৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।