শোকাবহ! ভাৰত-পাক সীমান্তত কৰ্তব্যৰত অৱস্থাতে ঢলি পৰি আকস্মিক মৃত্যু ভাৰতীয় জোৱানৰ

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত মঙলবাৰে কৰ্তব্যৰত অৱস্থাত এজন জোৱানৰ মৃত্যু হয়।

চৰকাৰী সূত্ৰই জনোৱা মতে, পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত কৰ্তব্যৰত অৱস্থাত নায়ক ৰোহন পেটেল অজ্ঞান হৈ পৰে।

লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে জোৱানজনক মৃত ঘোষণা কৰে।

জোৱানজনৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট নহয় যদিও হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটাৰ সন্দেহ কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *