শিৱসেনাৰ নাম বিতৰ্ক! উদ্ধৱ থাকৰেৰ আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে…

সোমবাৰে উচ্চতম ন্যায়ালয়ে একনাথ শিণ্ডে নেতৃত্বাধীন দলটোক দলৰ নাম “শিৱসেনা” আৰু “ধনু আৰু কাঁড়” প্ৰতীক আবণ্টন দিয়াৰ নিৰ্দেশৰ বিৰুদ্ধে উদ্ধৱ থাকৰেৰ আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে কয় যে অধিবক্তা অমিত আনন্দ তিৱাৰীয়ে আবেদনখনৰ জৰুৰী তালিকাভুক্ত কৰিবলৈ বিচৰাৰ পিছতে বিষয়টো শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে।

“৩১ জুলাইত তালিকাভুক্ত কৰা হৈছে, আমি সেইদিনা শুনানি গ্ৰহণ কৰিম।” বিচাৰপীঠে কয় আৰু শিণ্ডে ফৈদে দাখিল কৰা উত্তৰৰ ওপৰত তিৱাৰীক ৰিজ’ইণ্ডাৰ দাখিল কৰিবলৈ অনুমতি দিয়ে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *