শাম কটা নাই মণিপুৰৰ হিংসা! এইবাৰ ভাইৰেল জনজাতীয় যুৱকক জীৱন্তে জ্বলাই দিয়াৰ ভিডিঅ’…

মণিপুৰত এতিয়াও বন্ধ হোৱা নাই হিংসা। শেহতীয়া ঘটনাত এজন জনজাতীয় যুৱকক জীৱন্তে জ্বলাই দিয়াৰ সাত ছেকেণ্ডৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো দেওবাৰে মণিপুৰৰ কেইবাটাও হোৱাটছএপ গ্ৰুপত শ্বেয়াৰ কৰা বুলি জানিব পৰা গৈছে। হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ আন এক ভয়ংকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত সোমবাৰে বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ভিডিঅ’টোত এজন জনজাতীয় লোকক খাৱৈত জ্বলাই দিয়া দেখা গৈছে। এই ভাইৰেল ভিডিঅ’টোত আৰক্ষীয়ে কয় যে সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভিডিঅ’টো মে’ মাহৰ আৰম্ভণিৰ যেন লাগে আৰু আমি বিষয়টোৰ তদন্ত কৰি আছো। এই সন্দৰ্ভত ইণ্ডিয়া মিত্ৰজোঁটে প্ৰধানমন্ত্ৰী মোডীক সমালোচনা কৰি এই কাণ্ডটো “অত্যন্ত দুখজনক আৰু লজ্জাজনক” বুলি অভিহিত কৰে।

বিৰোধী এলায়েন্স ইণ্ডিয়াই এটা ব্লাৰ ভিডিঅ’ ক্লিপ শ্বেয়াৰ কৰি অফিচিয়েল টুইটাৰত লিখিছে “এয়া মণিপুৰৰ! মণিপুৰত এজন কুকি জনজাতীয় যুৱকক জীৱন্তে জ্বলাই দিয়া হৈছে, তেওঁৰ মৃত্যুৰ ঘটনা অতি দুখজনক আৰু লজ্জাজনক। চুবুৰীয়া দেশক লৈ শোক প্ৰকাশ কৰিছে মোদী জীয়ে, কিন্তু মণিপুৰক ৰক্ষা কৰাত ব্যৰ্থ হৈছে।”

দেওবাৰে মণিপুৰৰ কেইবাটাও হোৱাটছএপ গ্ৰুপত ৭ ছেকেণ্ডৰ এই ভিডিঅ’টো শ্বেয়াৰ কৰা হয়। ভিডিঅ’টোত যুৱকজনক ক’লা টি-চাৰ্ট আৰু ট্ৰাউজাৰ পিন্ধি খাৱৈত পৰি থকা দেখা গৈছে। মুখখন চেপি ধৰা হৈছে, আনহাতে শৰীৰত জুই জ্বলি আছে।

প্ৰিয়ংকা চতুৰ্বেদীৰ টুইট

ইণ্ডিয়া ব্লকৰ অংশীদাৰ তথা শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰিয়ংকাই লিখিছে “মণিপুৰৰ পৰা পোহৰলৈ অহা আন এক ভয়ংকৰ ভিডিঅ’ত এজন জনজাতীয় লোকক খাৱৈত জুই লগাই থকা দেখা গৈছে। এজন আৰক্ষী বিষয়াই জনোৱা মতে, ভিডিঅ’টো মে’ মাহৰ আৰম্ভণিৰ যেন লাগে। মণিপুৰৰ ট্ৰেজেডী এতিয়াও আলোচনা আৰু সমাধান হোৱা নাই।’’

যোৱা ৩ মে’ত উত্তৰ-পূব ৰাজ্য মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে কুকি আৰু মেইটেই সম্প্ৰদায়ে ৰাজ্য চৰকাৰক মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতি (এছটি) শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ কথা বিবেচনা কৰিবলৈ কোৱা প্ৰতিবাদৰ পিছতে সৃষ্টি হয় সংঘৰ্ষৰ।

দেওবাৰে জিলা প্ৰশাসনে ইম্ফল পূবত লাউডস্পীকাৰ ব্যৱহাৰ কৰি কোনো ধৰণৰ শোভাযাত্ৰা, সমাৱেশ, প্ৰতিবাদ আৰু অবৈধ সমাবেশ বা ৰাজহুৱা সভাত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰে। জিলা দণ্ডাধীশে এক অধিসূচনাযোগে কয় যে পাঁচজনতকৈ অধিক লোকৰ যিকোনো সমাৱেশে জিলাখনৰ জনশান্তি বিঘ্নিত কৰাৰ সম্ভাৱনা আছে আৰু ইয়াক প্ৰতিৰোধৰ বাবে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *