শক্তিশালী দলৰ সৈতে ফিফা বিশ্বকাপত অৱতীৰ্ণ হ’ব ক্ৰোৱেছিয়া

ফুটবল বিশ্বকাপৰ ৰানাৰ্ছ আপ ক্ৰোৱেছিয়াই এই মাহৰ ২০ তাৰিখে আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপ দলত লুকা মড্ৰিক, ইভান পেৰিচিক আৰু মাৰ্চেলো ব্ৰোজোভিকৰ দৰে অভিজ্ঞ খেলুৱৈক তেওঁলোকৰ দলত অন্তৰ্ভুক্ত কৰিছে। ক্ৰোৱেছিয়াৰ প্ৰশিক্ষক জলাটকো ডালিকে বুধবাৰে ফুটবল বিশ্বকাপৰ বাবে ২৬ জনীয়া দল ঘোষণা কৰে। কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ টুৰ্ণামেণ্টৰ বাবে বেলজিয়াম, কানাডা আৰু মৰক্কোৰ সৈতে ক্ৰোৱেছিয়াক গ্ৰুপ এফত ৰখা হৈছে। দল:
গ’লৰক্ষক: ডমিনিক লিভাকোভিচ, ইভিকা ইভাচিক, ইভো গ্ৰুবিক। ডিফেণ্ডাৰ: ডোমাগোজ ভিডা, ডেজান লোভাৰেন, বৰ্ণা বাৰিচিক, জোচিপ জুৰানোভিক), জস্কো গুয়াৰ্দিওলা, বৰ্ণা চাউচা, জোচিপ ষ্টানিক, মাৰ্টিন এৰলিক, জোচিপ উটালো। মিডফিল্ডাৰ: লুকা মড্ৰিক, মাটেও কোভাচিক, মাৰ্চেলো ব্ৰোজোভিক, মাৰিঅ পাচালিক, নিকোলা ভলাচিক, লভৰো মেজৰ, ক্ৰিষ্টিয়ান জাকিচ, লুকা চুচিক।ফৰৱাৰ্ড: ইভান পেৰিচিক, আন্দ্ৰেজ ক্ৰামাৰিক, ব্ৰুনো পেটকোভিচ, মিস্লাভ অৰ্জিক, এণ্টে বুদিমিৰ, মাৰ্কো লিভাজা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *