লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ

চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামীক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই বেকাৰ স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে চৰকাৰী আমোলা পত্নীক। এনে এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে মধ্যপ্ৰদেশত। নিহত মহিলা আমোলাগৰাকী হৈছে দিন্দোৰী জিলাৰ শ্বাহপুৰাত নিযুক্ত মহকুমা দণ্ডাধীশ নিশা নাপিত।

খবৰ অনুসৰি, মহকুমা দণ্ডাধীশগৰাকীয়ে তেওঁৰ চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামী মনীষ শৰ্মাক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই দুয়োৰে মাজত সূত্ৰপাত ঘটা কাজিয়াৰ পিছত গাৰুৰে মুখত হেঁচা মাৰি ধৰি স্বামীয়ে হত্যা কৰে। ইফালে এই হত্যাকাণ্ডৰ পিছত তেজ লগা গাৰুৰ কভাৰ আৰু বিচনা চাদৰ ধুই পৰিস্কাৰ কৰি মৃত্যুৰ প্ৰকৃত কাৰণ লুকুৱাবলৈ চেষ্টা কৰে হত্যাকাৰী স্বামীয়ে।

ইয়াৰ পিছত মনীষে পত্নীৰ মৃত্যুৰ এক কল্পিত কাহিনী ৰচনা কৰে। তেওঁ কয় যে বৃক্কৰ ৰোগত আক্ৰান্ত হৈ থকা পত্নীয়ে শনিবাৰে নিশা আহাৰ গ্ৰহণৰ পিছতে বমি কৰিছিল। ইয়াৰ পিছত তেওঁক ঔষধ খাবলৈ দিয়াত ঔষধ খাই শুই পৰে। মনীষে কয়, ”পিছদিনা পুৱা দেওবাৰ বাবে নিশাক মই জগোৱা নাছিলো। ১১ মান বজাত আমাৰ কাম কৰা মানুহজনী ঘৰলৈ আহে। সেই সময়ত মই ফুৰিবলৈ ওলাই গৈছিলো। কাম কৰা মানুহজনীয়ে মোক ফোন কৰি নিশা শুই থকাৰ কথা কোৱাত মই ঘৰলৈ আহি দুপৰীয়া দুই মান বজাত তাইক জগাবলৈ চেষ্টা কৰিলো। কিন্তু উশাহ নিশা নোলোৱাত মই প্ৰথমে চিপিআৰ দিলো, আৰু তাৰ পিছত চিকিৎসকক ফোন কৰাত হাস্পতাললৈ লৈ যোৱাৰ কথা ক’লে। ৪ মান বজাত মই নিশাক লৈ হাস্পতাললৈ যাও যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।’’

ইফালে মনীষ শৰ্মাৰ এই কাহিনী মানি ল’বলৈ অস্বীকাৰ কৰি মহিলা আমোলাগৰাকীৰ ভগ্নী নীলিমা নাপিতে মনীষ শৰ্মাৰ বিৰুদ্ধে টকাৰ বিনিময়ত শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰে। আনহাতে নিশাৰ নাক আৰু মুখৰ পৰা তেজ ওলোৱাৰ প্ৰমাণ প্ৰত্যক্ষ কৰি আৰক্ষীয়ে এয়া হত্যাকাণ্ড বুলি সন্দেহ কৰে।

পিছত ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই ঘটনাৰ গভীৰতালৈ গৈ অৱশেষত আমোলাগৰাকীৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নিশা নাপিতৰ ঘৰৰ ৱাশ্বিং মেছিনৰ পৰা তেজ লগা গাৰুৰ কভাৰ আৰু বিচনা চাদৰো উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি হত্যাকাৰী স্বামীক গ্ৰেপ্তাৰ কৰিছে।

ইফালে আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰতে এই হত্যাকাণ্ডৰ ৰহস্য উন্মোচন কৰিবলৈ সক্ষম হোৱাত উপ-মহাপৰিদৰ্শক মুকেশ শ্ৰীবাস্তৱে তদন্তকাৰী দলটোক ২০ হাজাৰ টকা পুৰস্কাৰ প্ৰদানৰ ঘোষণা কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *