দক্ষিণ-পশ্চিম দিল্লীৰ ডাবৰি অঞ্চলত বৃহস্পতিবাৰে সন্ধিয়া ঘৰৰ সমীপত এগৰাকী ৪২ বছৰীয়া মহিলাক গুলীয়াই হত্যা কৰা হয়। ৰেণু নামৰ মহিলাগৰাকীক হত্যাৰ পিছতে নিজেও আত্মহত্যা কৰে আশীষ (২৫) নামৰ হত্যাকাৰীয়ে।
আৰক্ষী উপ আয়ুক্ত (দ্বাৰকা) এম হৰ্ষবৰ্ধনে কয়, “বুধবাৰে নিশা প্ৰায় ৮:৪৫ বজাত ডাবৰি আৰক্ষী থানাৰ অন্তৰ্গত বৈশালী কলনী এলেকাত ঘৰৰ সমীপতে ৪২ বছৰীয়া এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ তথ্য পোৱা গৈছিল। মহিলাগৰাকীৰ নাম ৰেনু বুলি চিনাক্ত কৰা হৈছে।”
ইফালে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও আৰক্ষীৰ দল গঠন কৰা হৈছিল যদিও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে আক্ৰমণকাৰীয়ে নিজকে গুলীয়াই আত্মহত্যা কৰে বুলি ডিচিপিয়ে জনায়।
ডিচিপি হৰ্ষবৰ্ধনে কয় যে, “আমি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ কেইবাটাও দল গঠন কৰিছিলোঁ। আমি তেওঁক চিনাক্ত কৰিলোঁ আৰু তেওঁৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে তেওঁ নিজৰ ঘৰৰ চাদত নিজকে গুলীয়াই আত্মহত্যা কৰে। আমি যিটো অস্ত্ৰৰে তেওঁ নিজকে হত্যা কৰিছিল সেই অস্ত্ৰটো উদ্ধাৰ কৰিছোঁ।”
ডিচিপিয়ে লগতে কয় যে, “আমি দেখিছিলো যে ৰেণু আৰু আশীষ প্ৰায় ২-৩ বছৰ আগতে জিমত লগ পাইছিল। অধিক তদন্ত চলি আছে।”