সপ্তম দিনাও গ্ৰন্থপ্ৰেমীৰ বিশাল সমাৱেশ পৰিলক্ষিত হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌভভাৱে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত ৷ কাৰ্যতঃ লেখক-পাঠকৰ মিলনথলীত পৰিণত হৈছে চানমাৰি বাকৰিৰ গ্ৰন্থোৎসৱ ৷ এইবেলি গ্ৰন্থমেলাত কিতাপ বিক্ৰীও উৎসাহজনক ৷যোৱা ২৯ ডিচেম্বৰৰ পৰা কালি পৰ্যন্ত অসম গ্ৰন্থমেলা, গুৱাহাটীত ২কোটি ৪০লাখ টকাৰ কিতাপ বিক্ৰী হোৱা বুলি সদৰী কৰিছে প্ৰকাশন পৰিষদে ৷ইপিনে কালি বিয়লি ১ বজাত অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত ভাষাতত্ত্ববিদ ড° ৰমেশ পাঠকৰ সোঁৱৰণত আয়োজন কৰে “ অসমীয়া ভাষাৰ সংকট আৰু প্ৰতিষ্ঠা” শীৰ্ষক এখনি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰে ভাষাতত্ত্ববিদ , গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° বিভা ভড়ালীয়ে ৷ তেওঁ বক্তব্যত এইবুলি প্ৰকাশ কৰে—“ অসমীয়া ভাষাৰ স্বতন্ত্ৰ ইতিহাস অতি প্ৰাচীন ৷ হিউয়েন চাঙৰ লেখাতো অসমীয়া ভাষাৰ স্বকীয় অৱস্থানৰ বিষয়ে উল্লেখ আছে ৷ ভাষাৰ প্ৰতি সকলোৰে সমান দায়িত্ব আছে ৷ অভিভাৱকসকলে সন্তানক মাতৃভাষা মাধ্যমত পঢ়ুৱালে ভৱিষ্যত নষ্ট হ’ব বুলি ভবাৰ কোনো কাৰণ নাই ৷” তেওঁ লগতে কয় যে পৃথিৱীৰ বহু ভাষাই সংকটৰ গৰাহত পৰিছে ৷ ভাৰতবৰ্ষতে কেবাটা ভাষাৰ মৃত্যু ঘটিছে ৷ ১৮৩৬ চনৰ পৰা অসমীয়া ভাষা বিভিন্ন সময়ত সংকটৰ সন্মুখীন হৈছে আৰু আমাৰ দায়ৱদ্ধ বৰেণ্য ব্যক্তিসকলে অসমীয়া ভাষাৰ প্ৰত্যাহ্বান ভাঙি আহিছে ৷ এই দায়িত্ব আমাৰো আছে আৰু ভৱিষ্যত প্ৰজন্মৰো থাকিব ৷ তেতিয়া অসমীয়া ভাষাই সংকটমুক্ত হৈ অমৰত্ব লভিব ৷ আলোচনা সত্ৰখন উদ্বোধন কৰে নিবন্ধকাৰ , সাহিত্য অকাডেমীৰ অনুবাদ বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই ৷ তেওঁ ভাষাতত্ত্ববিদ ড° ৰমেশ পাঠকলৈ শ্ৰদ্ধা জ্ঞাপন কৰি কয়—“শব্দই জগত সৃষ্টি কৰা বুলি উল্লেখ আছে ঋগ্বেদত ৷ বাইবেলেও একেই কথাকে কৈছে ৷ শব্দই ভাষা সৃষ্টি কৰিছে ৷ ভাষা পৃথিৱীৰ ভাগৱতী সম্পদ ৷ কিন্তু সম্প্ৰতি অসমীয়াৰ লগতে প্ৰতিটো আধুনিক ভাৰতীয় ভাষালৈ সংকট নামি আহিছে ৷ ইংৰজী ভাষা , বাণিজ্যতন্ত্ৰ আৰু নৱ্য অভিজাততন্ত্ৰই এই সংকট নমাই আনিছে ৷ এই তিনিটা কাৰণতে মাতৃভাষাক এলাগী কৰিছে এচামে ৷ ইংৰাজী আমি শিকিব লাগিব কিন্তু নিজৰ ভাষাকো প্ৰতিষ্ঠা কৰিব লাগিব ৷ ইয়াৰ বাবে মাতৃভাষাত পঢ়াশুনা কৰিব লাগিব ৷আৱেগত ভাষা জীয়াই নাথাকে ৷ শ্ৰদ্ধাপূৰ্বক চৰ্চাইহে ভাষাক অমৰ কৰি ৰাখিব ৷” তেওঁ প্ৰসংগক্ৰমে ঋষি অৰবিন্দৰ বাণী উল্লেখ কৰে ৷ ইয়াত আৰম্ভণী ভাষণ প্ৰদান কৰে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ নৱজ্যোতি বৰাই। তেওঁ অসমীয়া ভাষালৈ সংকট অহাৰ কথা স্বীকাৰ কৰিও কয়—“অসমীয়া ভাষা হেৰাই যোৱাৰ শংকা নাই ৷ এই ক্ষেত্ৰত অসমীয়া মাধ্যমৰ বিদ্যালয় যেনে জাতীয় বিদ্যালয় , শংকৰদেৱ শিশু নিকেতন আদিয়ে ভাল পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ইউনিকোডত অসমীয়া ভাষা অন্তৰ্ভুক্ত হোৱাটো শুভবাৰ্তা ৷”
লেখক-পাঠকৰ মিলনথলীত পৰিণত চানমাৰি বাকৰি
