লুচানে ডায়মণ্ড লীগত স্বৰ্ণ পদক অৰ্জন নীৰজ চোপ্ৰাৰ

ভাৰতৰ তাৰকা জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ডায়মণ্ড লীগ ২০২৩ ৰ লুচানে লেগত ৮৭.৬৬ মিটাৰ থ্ৰ’ৰে সোণৰ পদক অর্জন কৰে। আঘাতৰ পিছত প্ৰত্যাৱৰ্তন কৰা নীৰজে লুচানে ডায়মণ্ড লীগত ভাল আৰম্ভণি কৰা নাছিল। তেওঁৰ প্ৰথম প্ৰয়াসটো এটা ফাউল আছিল, কিন্তু তাৰ পিছত তেওঁ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰে আৰু প্ৰথম স্থান নিশ্চিত কৰে। নীৰজ চোপ্ৰাই লুচানে ডায়মণ্ড লীগত তেওঁৰ প্ৰথম প্ৰয়াসৰ পিছত তেওঁৰ দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত এটা সুন্দৰ প্ৰত্যাৱৰ্তন কৰে। অৱশ্যে, ৩ টা থ্ৰ’ৰ পিছত, জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৬.২০ মিটাৰ থ্ৰ’ৰে তালিকাৰ প্ৰথম স্থান নিশ্চিত কৰে। তেওঁৰ চতুৰ্থ থ্ৰ’ নীৰজ চোপ্ৰাৰ বাবে সম্পূৰ্ণ বিফলতা আছিল, য’ত তেওঁ পুনৰ ফাউল কৰে। এনে পৰিস্থিতিত, তেওঁৰ ওপৰত থকা চাপও স্পষ্টভাৱে দেখা গৈছিল। অৱশ্যে, নীৰজে তেওঁৰ পঞ্চম থ্ৰ’ ৮৭.৬৬ মিটাৰ দূৰত দলিয়াই এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু লগতে সোণৰ পদকত টাৰ্গেট কৰিবলৈ সক্ষম হয়। জাৰ্মানীৰ জুলিয়ান ৱেবাৰে ৮৭.০৩ মিটাৰ থ্ৰ’ৰ সৈতে দ্বিতীয় স্থান লাভ কৰে। চেক গণৰাজ্যৰ য়াকোব ভাদলেজচে ব্ৰঞ্জৰ পদকৰ সৈতে তৃতীয় স্থান লাভ কৰে। এইটো নীৰজ চোপ্ৰাৰ কেৰিয়াৰৰ অষ্টম সোণৰ পদক আছিল। এইবছৰ ডায়মণ্ড লীগত এইটো তেওঁৰ দ্বিতীয় টো সোণৰ পদক। ইয়াৰ পূৰ্বে, নীৰজে দোহা ডায়মণ্ড লীগত সোণৰ পদকও জিকিছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *