গ্ৰীষ্মকালৰ বাবে প্ৰস্তুত কৰা গ্লেনমাৰ্কৰ লা শ্বিল্ড মিনাৰেল চানস্ক্ৰীণ পৰিসৰৰ সৈতে উপলব্ধ, যি ক্ষতিকাৰক অতিবেঙুনীয়া ৰশ্মি আৰু প্ৰদূষণৰ পৰা সৰ্বাংগীন সুৰক্ষা প্ৰদান কৰে। সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ ফলত ছালৰ অপূৰণীয় ক্ষতি হয়, যাৰ ফলত ছালত দাগ পৰা, এলাৰ্জি আদি সমস্যাই দেখা দিয়ে।
লা শ্বিল্ড মিনাৰেল চানস্ক্ৰীণে ছালত এক দাপোনসদৃশ ঢাল সৃষ্টি কৰে, যি অবাঞ্ছিত অতি বেঙুনীয়া বিকিৰণ প্ৰতিফলিত কৰে। প্ৰদূষণ সুৰক্ষিত মিনাৰেল চানস্ক্ৰীণ পৰিসৰে অতি বেঙুনীয়া ৰশ্মি আৰু প্ৰদূষণৰ দৰে পাৰিপাৰ্শ্বিক চাপৰ পৰা দ্বৈত সুৰক্ষা প্ৰদান কৰে। ইয়াৰ আৰ্দ্ৰতা বৃদ্ধি ফৰ্মুলেচনছালৰ হাইড্ৰেচন উন্নত কৰে আৰু এক অভিনৱ ‘প্ৰদূষণ প্ৰতিৰক্ষা ফৰ্মুলা’য়ে মসৃণ, কোমল ছাল প্ৰদান কৰাত সহায় কৰে। চানস্ক্ৰীণৰ পৰিসৰটো এছপিএফ ৪০ আৰু এছপিএফ ৫০ ৰ সৈতে উপলব্ধ।
লা শ্বিল্ড এক সামগ্ৰিক ছালৰ যত্ন সমাধান ব্ৰেণ্ড, যিয়ে ছালৰ সকলো স্বাস্থ্যৰ উদ্বেগ সন্তোষজনক কৰে। তেওঁলোকে চানস্ক্ৰীণ শ্ৰেণীত তেওঁলোকৰ স্থিতি শক্তিশালী কৰাৰ লগতে ময়েশ্চাৰাইজিং বজাৰলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে।