পৌৰ সভা নিৰ্বাচনৰ তাৰিখ ঘোষনা হোৱাৰ পিছতে ৰাজনৈতিক দলসমূহৰ মাজত কোচ কৱাচ আৰম্ভ হোৱাৰ সময়তে লামডিঙৰ পৌৰসভা কাৰ্যালয়ত চলিল প্ৰতিবাদ ৷ চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি লামডিঙ পৌৰসভাৰ চাফাই কৰ্মীয়ে সাবস্ত্য কৰিলে এই প্ৰতিবাদ ৷ কভিড ১৯ যুদ্ধাৰো হিচাপে উপাধি প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰছি বিভাগটোৱে ৷
চৰকাৰ আহে আৰু যায় কিন্তু চৰকাৰে সমগ্ৰ অসমৰ লগতে লামডিঙৰ চাফাই কৰ্মী সকলক নিযুক্তি পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা নাই আজি পৰ্যন্ত ৷ ইয়াৰোপৰি বিগত দুটা মাহ ধৰি তেওঁলোকে লাভ কৰা নাই মাহিলি দৰমহা যাৰ ফলত পেটে ভাতে চলিব লগীয়া হৈছে এই চাফাই কৰ্মী সকল ৷ দহ বছৰ ধৰি যিসকলে পৌৰসভাত চাফাই কৰ্মী হিচাপে কৰ্মৰত আছে সেই সকলক আজি তাৰিখলৈকে চাকৰি নিয়মীয়াকৰন কৰাটে দূৰৰ কথা থাকিবলৈ আৱাস গৃহৰো সুবিধা প্ৰদান নকৰাৰ অভিযোগ উথাপন কৰিছে ৷