লণ্ডনস্থিত উপভোক্তা প্ৰযুক্তি ব্ৰেণ্ড নাথিংয়ে মুকলি কৰিছে ইয়েৰ(2)

লণ্ডনস্থিত উপভোক্তা প্ৰযুক্তি ব্ৰেণ্ড নাথিংয়ে মুকলি কৰিছে ইয়েৰ(2), যি হৈছে প্ৰকৃত ৱায়াৰলেচ ইয়াৰবাডচ্-ৰ এটা ছেট যি অভিজাত অভিযান্ত্ৰিকতাযুক্ত নাথিঙৰ আইকনিক স্বচ্ছ ডিজাইন আৰু চূড়ান্ত অডিঅ’ অভিজ্ঞতাৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ ব্যক্তিগতকৰণ উদযাপন কৰে। ইয়েৰ(২)-য়ে এক বিশ্বস্ত ধ্বনি অভিজ্ঞতা, হাই-ৰেছ অডিঅ’ প্ৰমাণপত্ৰ আৰু এলএইচডিচি ৫.০ প্ৰযুক্তি প্ৰদান কৰে। ব্যৱহাৰকাৰীসকলে নাথিং এক্স এপ্প্-ৰ জৰিয়তে এটা শ্ৰৱণ পৰীক্ষা সম্পূৰ্ণ কৰি তেওঁলোকৰ নিজা ব্যক্তিগত ধ্বনি প্ৰ’ফাইলো সৃষ্টি কৰি ল’ব পাৰে।

ইয়েৰ(২)-য়ে তাৰ পিছত সেইমতে ধ্বনিৰ শ্ৰেষ্ঠ মানদণ্ডৰ বাবে বাস্তৱ-সময়ত ইকুইলাইজাৰ ছেটিংছ মিলাই ল’ব। ইয়াৰবাডচ্ যোৰত গভীৰ, শক্তিশালী বে’চ আৰু স্ফটিকসদৃশ-পৰিষ্কাৰ উচ্চতাৰ বাবে ১১.৬ মিমি কাষ্টম ড্ৰাইভাৰ থাকে, আৰু এক নতুন ডুৱেল-চেম্বাৰ ডিজাইনে মসৃণ বায়ুপ্ৰবাহৰ সৈতে সামগ্ৰিক শব্দৰ মানদণ্ড উন্নত কৰে। তদুপৰি, ইয়েৰ(২)-ত আছে সহজ ডিভাইচ চুইচ্চিঙৰ বাবে দ্বৈত সংযোগ পদ্ধতি(ডুৱেল কনেকশ্যন), উন্নত বায়ু-প্ৰতিৰোধী আৰু ভিৰ-প্ৰতিৰোধী স্পষ্ট শব্দ প্ৰযুক্তি, আৰু ব্যক্তিগতকৃত সক্ৰিয় কোলাহল বাতিলকৰণ(নইজ কেনচেলেশ্যন) যি এগৰাকী ব্যৱহাৰকাৰীৰ কাণৰ নলীৰ অনন্য আকৃতিৰ সৈতে খাপ খাই পৰে।

নাথিং-ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক কাৰ্ল পে’ই-য়ে এনেদৰে কয়, “ইয়েৰ(২)-ত, আমি একেবাৰে তলৰ স্তৰৰপৰা সকলোবোৰ পুনৰ নিৰ্মাণ কৰিছোঁ আৰু চূড়ান্ত ব্যক্তিগত শ্ৰৱণ অভিজ্ঞতা প্ৰদান কৰিবৰ বাবে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিছোঁ।” ইয়েৰ(২)-ৰ মূল্য বিশ্বব্যাপী £১২৯/$১৪৯ হ’ব আৰু ভাৰতত ৯,৯৯৯ টকা মূল্যত মুকলি কৰা হ’ব। ইয়েৰ(২) ফ্লিপকাৰ্ট, মিন্ট্ৰা আৰু নিৰ্বাচিত অফলাইন ষ্টোৰত ভাৰতীয় সময়মতে ২৮ মাৰ্চৰ দুপৰীয়া ১২ বজাৰ পৰা উপলব্ধ হ’ব।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *