যোৰহাট বিস্ফোৰণ কাণ্ডঃ আলফা স্বাধীনৰ সন্দেহযুক্ত লিংকমেনক গ্ৰেপ্তাৰ আৰক্ষীৰ

যোৰহাট জিলাত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সৈতে জড়িত নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ এজন সন্দেহযুক্ত লিংকমেনক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰাৰম্ভিক তথ্য অনুসৰি লিচুবাৰী সেনা শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুমন বৰা নামৰ সন্দেহযুক্ত লিংকমেনজনক।

সন্দেহযুক্ত লিংকমেনজনৰ ছ’চিয়েল মিডিয়া হেণ্ডেল পৰীক্ষা কৰাৰ পিছত অসম আৰক্ষীৰ বিৰুদ্ধে কৰা কেইবাটাও পোষ্ট ধৰা পেলায়।

ইয়াৰ পূৰ্বেও তেওঁক তিনিচুকীয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বুলিও চৰ্চালৈ আহিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *