যোৰহাটৰ অগ্ৰণী শিক্ষানুষ্ঠান গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ত মোৰহাট তৰাজানস্থিত শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা অনুষ্ঠিত হৈ যায়। শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু গৰুমৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ সহযোগত যোৱা ০৪,০৫ আৰু ০৬ জুলাই তাৰিখে অনুষ্ঠিত কৰ্মশালাৰ প্ৰথম দিনটোত ছাইবাৰ চিকিউৰটি সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয়। গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ পাত্ৰই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অবিনাশ বৰদলৈ। শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ প্ৰশিক্ষকদ্বয় ময়ুৰী বৰা বৰদলৈ আৰু হেমকান্ত শইকীয়া,লেখক জিতুল বৰা , সৰ্বোদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মৃনাল কুমাৰ বৰা, বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকল, অভিভাৱক সকল আৰু শতাধিক ছাত্র ছাত্ৰী উপস্থিত থাকে। কৰ্মশালাৰ প্ৰথম দিনাৰ কাৰ্যসূচী উদ্বোধন কৰে অসম সত্ৰ মহাসভাৰ পৰীক্ষা পৰিষদৰ সচিব পংকজ শইকীয়াই। উদ্বোধকৰ ভাষনত পংকজ শইকীয়াই বৃহত্তৰ উত্তৰ পশ্চিম যোৰহাটৰ শিক্ষাৰ অন্যতম বাটকটীয়া প্ৰয়াত জীৱেশ্বৰ বৰা দেৱক সোঁৱৰণ কৰে। তেখেতৰ একানপতীয়া প্ৰচেষ্টাতে গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়, সৰ্বোদয় জ্যেষ্ঠ আৰু কনিষ্ঠ মহাবিদ্যালয় স্থাপন কৰে। নৱৈৰ দশকত লোভনীয় উকালতি বৃত্তি ত্যাগ কৰি শিক্ষাৰ ক্ষেত্ৰতহে মনোনিৱেশ কৰে । এই অঞ্চলৰ শিক্ষাৰ বাটকটীয়া বৰা চাৰ আমাৰ সকলোৰে স্মৰনীয় হ’ব। বিদ্যালয়ৰ ছাত্র-ছাত্ৰী পৰবৰ্তী সময়ত যোৰহাট তৰাজানস্থিতসোণজনী জুৱেলাৰীৰ স্বত্বাধিকাৰী জিতু বেজবৰুৱা, শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয় শিক্ষকদ্বয়ে ছাত্ৰ ছাত্ৰী সকলক সত্ৰীয়া নৃত্য আৰু বৰগীত সন্দৰ্ভত চমুকৈ ব্যাখ্যা আগবঢ়ায়। ০৪ জুলাই প্ৰথম দিনা ছাত্ৰ ছাত্ৰী সকলক “ছাইবাৰ ছিকিউৰটি” সন্দৰ্ভত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয় আৰু ইয়াৰ সমান্তৰাল ভাবে উক্ত অনুষ্ঠানতে শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয় আৰু সোণজনী জুৱেলাৰীৰ তৰফৰ পৰা ২০২২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগণ উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক কিতাপৰ টোপোলা আৰু সোণজনী জুৱেলাৰীৰ কুপন আগবঢ়োৱা হয়। Gratia Technology Pvt. Ltd. ৰ CEEO বিজু পেগুৱে ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক সকলক ছাইবাৰ ছিকিউৰটি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰে। দ্বিতীয় দিনা শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ময়ুৰী বৰা বৰদলৈয়ে সত্ৰীয়া নৃত্যৰ , হেমকান্ত শইকীয়াই বৰগীতৰ প্ৰশিক্ষণ দিয়ে। ০৬ জুলাই সামৰণি দিনাখন মুকলি সভাত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি অবিনাশ বৰদলৈ দেৱে। বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অৰন্য মানৱ যাদৱ পায়েং আৰু শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জিত কুমাৰ হাজৰিকা। প্ৰধান শিক্ষক দেৱজিৎ পাত্ৰই আঁত ধৰা মুকলি সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সত্ৰীয়া নৃত্য আৰু বৰগীত পদৰ্শন কৰে। বিশিষ্ট অতিথি পদ্মশ্ৰী যাদৱ পায়েঙে তেখেতে গোলকীয় উষ্ণতা বৃদ্ধি সন্দৰ্ভত ব্যাখা আগবঢ়া আৰু ছাত্র ছাত্ৰী সকলক বন আৰু পৰিবেশ সন্দৰ্ভত বুজাই কয়। তদুপৰি পদ্মশ্ৰী যাদৱ পায়েঙে গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলৰ সৈতে মতবিনিময় কৰে। আমন্ত্ৰিত অতিথিৰ ভাষনত শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জিত হাজৰিকা গৰুমৰা অঞ্চলৰ শিক্ষাৰ অন্যতম বাটকটীয়া তথা গৰুমৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰতিস্থাপক প্ৰধান শিক্ষক প্ৰয়াত জীৱেশ্বৰ বৰা দেৱক সোৱঁৰে আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভাৰ শলাগ লয়।তেখেতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশি বহুমূলীয়া ভাষন আগবঢ়ায়। উক্ত অনুষ্ঠানতে শ্ৰীমন্ত সুন্দৰ সংগীত মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী ময়ুৰী বৰা বৰদলৈয়ে আৰু হেমকান্ত শইকীয়াক বিদ্যালয় কতৃপক্ষৰ তৰফৰ পৰা ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে সন্মান । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই গৰুমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক আদিত্য প্ৰান শৰ্মাই শলাগৰ শৰাই আগবঢ়াই। প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী অংশগ্ৰহণ কৰা সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালাত প্ৰতিগৰাকী ছাত্ৰ ষ-ছাত্ৰী একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।