ওমান চৰকাৰে ভাৰতীয় দূতাবাসৰ সহযোগত আন্তৰ্জাতিক যোগ দিৱসৰ বাবে ‘প্ৰাণৱন্ত যোগ, শান্ত ওমেন’ শীৰ্ষক এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল। এই ভিডিঅ’টোত কেইবাখনো দেশৰ যোগ সাধকসকলে মাস্কট চহৰ আৰু ইয়াৰ আশে-পাশে থকা পাহাৰ, সমুদ্ৰ তীৰ আৰু বালিৰ স্তুপকে ধৰি মনোমোহা স্থানসমূহত আকৰ্ষণীয় যোগাসনৰ ভংগীমা প্ৰদৰ্শন কৰিছিল। ওমানত যোগৰ জনপ্ৰিয়তা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। এই ক্ষেত্ৰত ভাৰতীয় সম্প্ৰদায় আৰু দূতাবাসে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
এই ভিডিঅ’টো ওমানৰ পৰ্যটন মন্ত্ৰণালয়ৰ সহযোগী প্ৰতিষ্ঠান ‘ভিজিট ওমান’ৰ সৈতে অংশীদাৰিত্বৰে প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ’টোত বিশ্বজুৰি স্বাস্থ্য অনুশাসন(হেল্থ ডিচিপ্লিন) হিচাপে যোগৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতাক প্ৰদৰ্শন কৰিছে। ভাৰতৰ বাহিৰত প্ৰথমবাৰৰ বাবে কোনো বিদেশী চৰকাৰে নিজৰ দেশৰ ইতিবাচক তথ্য প্ৰচাৰৰ বাবে যোগ সাধনাক ব্যৱহাৰ কৰিছে।
এই প্ৰয়াসে ওমানৰ বিভিন্ন শ্ৰেণীৰ লোক যেনে পুৰুষ, মহিলা আৰু বিশেষভাৱে সক্ষম শিশুৰ মাজত জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই প্ৰচেষ্টাসমূহে ক্ৰীড়াসুলভ সমাজ বা পৰিৱেশ আৰু শিশুৰ মংগল-কল্যাণৰ বাবে যোগৰ সম্ভাৱনা আৰু গুৰুত্বৰ কথা প্ৰদৰ্শন কৰিছে।