যুৱ শিক্ষা আৰু উদ্ভাৱনী প্ৰতিযোগিতাৰ বাবে চেমচাঙে ঘোষণা কৰিছে টপ ৩০ টীম

চেমচাঙৰ সন্মানীয় যুৱ শিক্ষা আৰু উদ্ভাৱনী প্ৰতিযোগিতা ‘ছলভ ফৰ টুমৰু’ৰ বাবে শীৰ্ষ ৩০টা দল প্ৰকাশ পাইছে। এই প্ৰতিযোগিতাখনৰ উদ্দেশ্য হৈছে চাৰিটা বিষয়ৰ সকলো দিশৰ বিভিন্ন প্ৰত্যাহ্বান বা সমস্যা সমাধানৰ বাবে ১৬-২২ বৰ্ষীয় যুৱক-যুৱতীৰ পৰা কৌশল বা আৰ্হি দাখিল কৰাৰ বাবে আমন্ত্ৰণ জনাই দেশৰ যুৱক-যুৱতীৰ মাজত উদ্ভাৱনীমূলক চিন্তা আৰু সমস্যা সমাধানৰ সংস্কৃতি গঢ়ি তোলা, এই বিষয় ৪টা হৈছে : শিক্ষা আৰু শিক্ষণ, স্বাস্থ্য আৰু সুস্থতা, পৰিৱেশ আৰু বহনক্ষমতা আৰু বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তি।

এই শীৰ্ষ ৩০টা দলৰ ভিতৰত ৪৪% দলে শিক্ষা আৰু শিক্ষণৰ লগত জড়িত বিষয়বস্তুৰ ওপৰত ধাৰণা বা আৰ্হি উপস্থাপন কৰিছিল। ইয়াৰে ২৩% দলে পৰিৱেশ আৰু বহনক্ষমতা বা স্থিৰতাৰ ওপৰত, ২০% দলে বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিৰ বিষয়ত আৰু ১৩% দলে স্বাস্থ্য আৰু সুস্থতা বা আৰোগ্যতাৰ ওপৰত নিজৰ ধাৰণা বা আইডিয়া উপস্থাপন কৰিছিল। শীৰ্ষ ৩০টা দলৰ যুৱক-যুৱতীয়ে বাস্তৱ পৃথিৱীৰ বিভিন্ন সমস্যা সমাধানৰ বাবে মতামত দাখিল কৰিছে। ইয়াৰ ভিতৰত সাগৰৰ পানীক খোৱাপানীলৈ ৰূপান্তৰ কৰা, সুৰাপান আৰু গাড়ীচালনা, যুৱক-যুৱতীসকলক দক্ষ ৰূপে গঢ়ি তোলা, সৌৰ পেনেলৰ কাৰ্যক্ষমতা বৃদ্ধি, নিৰুদ্দিষ্ট শিশুক বিচাৰি উলিওৱা, ৰোগৰ আগতীয়া চিনাক্তকৰণ, মানসিক স্বাস্থ্য, খাদ্য অপচয় আৰু ষ্টেম ক্ষেত্ৰত লিংগ পক্ষপাতিত্ব আদি বিষয়ত নিজৰ দৃষ্টিভংগী বা আৰ্হি দাখিল কৰিছে।

এই বিষয়ে আই আই টি দিল্লীৰ সঞ্চালক তথা অধ্যাপক ৰংগন বেনাৰ্জীয়ে কয় যে, “সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত যুৱক-যুৱতীৰ দলে ভাৰত আৰু পৃথিৱীয়ে সন্মুখীন হোৱা সমস্যা-প্ৰত্যাহ্বানসমূহৰ উদ্ভাৱনীমূলক সমাধান আগবঢ়াব। এই ধৰণৰ পদক্ষেপে ভাৰতৰ উদ্ভাৱনী পৰিৱেশক পৰিৱৰ্তন আৰু শক্তিশালী কৰাত সহায় কৰিব। এই উদীয়মান যুৱ উদ্ভাৱকসকলক প্ৰশিক্ষণ আৰু সমৰ্থন কৰিবলৈ আমি উৎসাহিত হৈছোঁ।’

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *