বৃহস্পতিবাৰে পুৱা ভূপেন বৰগোঁহাই আৰু সঞ্জীৱ বৰগোঁহাইয়ে অঞ্চলটোৰ যুৱ ব্যৱসায়ী তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সাংগাঠনিক সম্পাদক চন্দন গগৈক চোকা দাৰে আক্ৰমণ কৰে।
তাৰ পাছতেই আক্ৰমণকাৰীক বিচাৰি যুৱ ছাত্ৰ আৰু স্হানীয় মহিলাই কাকতিবাৰী আৰক্ষী থানা ঘেৰাও কৰি এক উত্তপ্তময় পৰিবেশৰ সৃষ্টি কৰে। আজি পুনৰ আক্ৰমণ কৰি চন্দন গগৈক প্ৰাণে মৰাৰ অপচেষ্টা অসম আৰক্ষীৰ দুৰ্বলতাৰ বাবেই সংঘটিত হল বুলি অভিযোগ উত্থাপিত কৰিছে যুৱ ছাত্ৰকৰ্মী আৰু স্থানীয় মহিলা সমাজে থানা ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ অৱেশ্যে আৰক্ষীয়ে অভিযুক্ত দুয়োয়ে গ্ৰেপ্তাৰ কৰিছে ৷