যানবাহনৰ কৰ আদায় নিদিয়া, নথিপত্ৰ সঠিক কৰি নৰখা বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযানৰ প্ৰস্তুতি

বিত্তীয় বৰ্ষত যান-বাহনৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত ৰাজ্যখনৰ ভিতৰতে পূৰ্বৰ সকলো অভিলেখ ভঙ্গ কৰি সৰ্বাধিক পৰিমানৰ ৰাজহ সংগ্ৰহেৰে নজিৰ সৃষ্টি কৰাৰ পিছত চলিত বিত্তীয় বৰ্ষৰ বাবে পূৰ্বতকৈও অধিক উদ্যম আৰু উৎসৰ্গিত মনোভাৱেৰে তঙালী বান্ধিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে। চলিত বিত্তীয় বৰ্ষত যানবাহনৰ বকেয়াসহ যাৱতীয় সকলো কৰ সংগ্ৰহৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে সাজু হৈছে পৰিবহণ বিভাগ ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজপথত সকলো সময়তে সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰাখি অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এইক্ষেত্ৰত পৰিবহণ বিভাগক দিয়া নিৰ্দেশৰ ভিত্তিত পৰিবহণ বিভাগে যোৱা দিনসমূহত সুৰক্ষিত যাতায়াত ব্যৱস্থাৰ বাবে পাৰ্যমানে প্ৰচেষ্টা চলাইছে ৷ এই প্ৰচেষ্টাৰে অন্যতম অংশস্বৰূপে গুৱাহাটী মহানগৰীক দুৰ্ঘটনামুক্ত কৰি ৰখাৰ বাবে সুৰক্ষিত যাতায়াতত অধিক গুৰুত্ব দিছে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে ৷ মহানগৰীৰ যিকোনো ঠাইত পূৰ্বৰ দৰেই অভিযান সক্ৰিয় কৰি ৰাখি এতিয়াও সময়মতে যানবাহনৰ কৰ পৰিশোধ নকৰা সকলো শ্ৰেণীৰ বাহনৰ মালিক, নিৰ্মাণকাৰী সংস্থা, উদ্যোগ আৰু বৰ্হিৰাজ্যৰ বহুজাতিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীক যানবাহন আইনৰ আওতালৈ আনি সুৰক্ষিত যাতায়তৰ প্ৰতি অধিক সচেতন আৰু দায়িত্বশীল কৰি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ কথা তেওঁ কয় ৷ গতিকে যাৱতীয় সকলো কৰ পৰিশোধ কৰাৰ উপৰি চালকৰ অনুজ্ঞাপত্ৰ, বাহনৰ পঞ্জীয়ন, ফিটনেছ, ইঞ্চিউৰেঞ্চ, প্ৰদূষণ মুক্তৰ প্ৰমানপত্ৰসহ সকলো নথিপত্ৰ সঠিক কৰি লগত ৰাখিহে গাড়ী চলাব পাৰিব। কিয়নো এইবাৰ এই সকলো দিশতে অধিক চোকা দৃষ্টি ৰাখিবলৈ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক পৰিদৰ্শকৰ অভিযানকাৰী দল ভাগে ভাগে সাজু হৈছে । এই সন্দৰ্ভত সকলো যানবাহন ব্যৱহাৰকাৰীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ মাইকযোগে ঘোষণা, প্ৰচাৰ-পুস্তিকা বিতৰণ, ডিমাণ্ড নটিছ প্ৰেৰণৰ উপৰি ফোন যোগে অবগত কৰিও সজাগতা সৃষ্টিৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে। সেয়েহে বিভিন্ন অসুবিধাবশতঃ যোৱা বিত্তীয় বৰ্ষত যানবাহনৰ কৰ আদায় দিব নোৱাৰাসকলক অহা ৩০জুনৰ ভিতৰত সকলো যাৱতীয় কৰ আদায় দিয়াৰ লগতে নথিপত্ৰসমূহ নৱীকৰণ কৰি সঠিক কৰি ৰাখিহে যানবাহন চলাই সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ লগতে গুৱাহাটীক দুৰ্ঘটনামুক্ত কৰি ৰখাত সহযোগিতা আগবঢ়াবলৈ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সকলোধৰণৰ বাহনৰ মালিক স্বত্বাধিকাৰী, উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণকাৰী সংস্থা আৰু দায়িত্বশীল নাগৰিকৰ প্ৰতি আহ্বান জনায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *