মৰ্মান্তিক! ৰখাই থোৱা টেংকাৰত প্ৰচণ্ড খুন্দা টাটা ছুম’ৰ, ১২ জনৰ থিতাতে মৃত্যু

কৰ্ণাটকৰ চিক্কাবল্লাপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১২ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাটো বৃহস্পতিবাৰে পুৱা ৭.১৫ বজাত ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত, চিত্ৰৱতী যান-বাহন থানাৰ ঠিক সন্মুখত সংঘটিত হয়। এই ঘটনাত ১২ জনৰ মৃত্যু হোৱাৰ লগতে এজন গুৰুতৰভাৱে আহত হয়। নিহতসকলৰ ভিতৰত আছে ৮ জন পুৰুষ আৰু ৪ গৰাকী মহিলা। সন্মুখৰ পৰা আহি থকা এখন টাটা ছুমোৱে ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা টেংকাৰ এখনত খুন্দা মাৰে। টেংকাৰ আৰু ছুমোৰ সংঘৰ্ষৰ পিছত আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, য’ত তেওঁলোকৰ মৃত্যু হয়। সূত্ৰ অনুসৰি ঘন কুঁৱলীৰ বাবে গাড়ী চালকজনে পথৰ কাষত ৰখাই থোৱা টেংকাৰখন দেখা নাপায় আৰু তাৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

ঘটনা সন্দৰ্ভত তথ্য দি এছ পি চিক্কাবল্লাপুৰে কয়, “আজি পুৱা ৭:১৫ বজাত চিক্কাবল্লাপুৰৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ (বেংগালুৰু-হায়দৰাবাদ) ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। টাটা ছুমো নম্বৰ এপি০২চিএইচ ১০২১য়ে পিছফালৰ পৰা এনএল০১কিউ১৯৫৪ নম্বৰৰ টেংকাৰখনত খুন্দা মাৰে। টাটা ছুমোত যাত্ৰা কৰা লোকসকলৰ থিতাতে মৃত্যু হয়।এজন ব্যক্তি গুৰুতৰভাৱে আহত আৰু চিক্কাবল্লাপুৰ সাধাৰণ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।’’

আৰক্ষীয়ে জনোৱা মতে, পুৱা প্ৰায় ৭ বজাত চিক্কাবল্লাপুৰ নগৰৰ জিলা সদৰৰ বাহিৰত সংঘটিত হয় এই দুৰ্ঘটনা। অন্ধ্ৰ প্ৰদেশৰ অনন্তপুৰৰ পৰা বেংগালুৰুলৈ গৈ থকা এছ ইউ ভিখন ৰাষ্ট্ৰীয় ঘাইপথ ৪৪ত ৰখাই থোৱা টেংকাৰ এখনত খুন্দা মৰাৰ ফলত চাৰিগৰাকী মহিলাকে ধৰি ১২ জন যাত্ৰীৰ মৃত্যু হয়। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে, প্ৰাথমিক তদন্তত এই দুৰ্ঘটনাত নিহতসকল অনন্তপুৰ জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। নিহতসকলৰ ভিতৰত গাড়ী চালকজনো আছে। দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কুঁৱলীৰ বাবে দৃশ্যমানতা কম হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হ’ব পাৰে বুলি সন্দেহ কৰা হৈছে যদিও এতিয়াও এই কথা নিশ্চিত হোৱা নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *